ডিজিটেল সংবাদ গুৱাহাটীঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতাত অসম চৰকাৰৰ পৰিবহণ বিভাগে বিভিন্ন শ্ৰেণীৰ ব্যৱসায়িক বাহনলৈ বৃহৎ সকাহ দি “ফিটনেছ” অৰ্থাৎ সক্ষমতাৰ প্ৰমাণপত্ৰৰ বিলম্ব মাচুল দ্বিতীয় আৰু শেষবাৰৰ বাবে হ্ৰাস কৰাৰ এক বিশেষ আঁচনি গ্ৰহণ কৰিছে ৷ সেই অনুসৰি অহা ১৫ জুলাইৰ পৰা ১৫ অক্টোবৰলৈ তিনিমাহ পৰ্যন্ত ফিটনেছৰ প্ৰমানপত্ৰৰ কাম সম্পন্ন হ’ব।
কিন্তু বাহনৰ গৰাকীয়ে প্ৰথম দুমাহৰ ভিতৰতে আবেদন কৰিব লাগিব ৷ পূৰ্বৰ দৈনিক বিলম্ব মাচুল ৫০টকাৰ পৰিবৰ্তে আগন্তুক দুমাহৰ সময়চোৱাত তিনিচকীয়া পৰিবহণ বাহনে ১০ টকা, বাণিজ্যিক ট্ৰেক্টৰে ১৫ টকা, চাৰিচকীয়া পৰিবহণ বাহনে ২০টকা আৰু গধুৰ বাণিজ্যিক বাহন,পৰিবহণ বাহনসহ অনান্য বাহনে ২৫ টকাকৈ বিলম্ব ফিটনেছ মাচুল পৰিশোধ কৰিব লাগিব ।
এনেক্ষেত্ৰত ব্যৱসায়িক বাহনৰ গৰাকীৰ বিভিন্ন সমস্যাৰ লাঘব তথা সুবিধাৰ্থে পৰিবহণ বিভাগে ঘোষণা কৰা এই বৃহৎ সুবিধা লাভ কৰি বাহনসমূহ সক্ষম তথা বৈধ কৰি ৰাখিহে পথত চলাচল কৰিবলৈ ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী পৰিবহণ বিষয়া গৌতম দাসে আহ্বান জনায়। কিয়নো কোনো বাহনে যদি ১৫ অক্টোবৰৰ পিছত ফিটনেছ প্ৰমাণপত্ৰ অবিহনে ধৰা পৰে সেই বাহনখনৰ কাৰ্যসক্ষমতা সমাপ্তি হোৱা বুলি গণ্য কৰা হ’ব ৷
লগতে তেনে বাহনৰ পঞ্জীয়ণ বাতিল কৰা হ’ব আৰু বাহনখন জব্দ কৰি স্ক্ৰেপিঙৰ বাবে আৰ. ভি. এছ. এফক গতাই দিয়া হ’ব ৷ সেয়ে বাহনৰ গৰাকীক উদ্দেশ্যি সহকাৰী পৰিবহণ আয়ুক্ত গৰাকীয়ে www.parivahan.gov.inত অনতিপলমে আবেদন কৰিবলৈ কয় ৷
এই সুবিধা লাভ কৰিবলৈ যানবাহনৰ পথকৰ পৰিশোধৰ লগতে সকলো যাৱতীয় নথিপত্ৰ আপলোড কৰাৰ পিছত সংশ্লিষ্ট জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে দিয়া দিনত নিজৰ নিজৰ বাহনৰ সক্ষমতাৰ পৰীক্ষণ কৰাবলৈ বাহনৰ গৰাকীৰ প্ৰতি সহকাৰী পৰিবহণ আয়ুক্ত গৰাকীয়ে বিনম্ৰতাৰে আহ্বান জনায়।
Also Read: 'সমষ্টি পুনৰ নিৰ্ধাৰণ বিষয়ত আছুৰ স্থিতি অতি দুর্ভাগ্যজনক' - অখিল গগৈ