ডিজিটেল সংবাদ, কাজিৰঙাঃ ''মোৰ ঘৰ কাহিলিপাৰাত ,অফিচ উলুবাৰীত ৷ সাধাৰণ লোকক হাৰাশাস্তি কৰাতকৈ পোনপটীয়াকৈ মোৰ ওচৰলৈ আহক''- নাম উল্লেখ নকৰাকৈ আলফা(স্বা)ক মুকলি প্ৰত্যাহ্বান আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ ৷
কাজিৰঙাত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ লগত বৈঠকত মিলিত হোৱাৰ পাছত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এই মন্তব্য কৰে সঞ্চালক প্ৰধানগৰাকীয়ে ৷ তেওঁ লগতে কয় যে, যি সংগঠনে অসমী আইক ভাল পাঁও বুলি কয় তেঁওলোকেই আকৌ অসমী আইকে আঘাত কৰে ৷ শিৱসাগৰ আৰু যোৰহাটত সন্দেহযুক্ত আলফাই সংঘটিত কৰা কূটাঘাতমূলক কাম-কাজৰ সন্দৰ্ভত সঞ্চালকগৰাকীয়ে মন্তব্য কৰে যে এই সকলোবোৰ এন আই এৰ লগত যুটীয়াভাৱে তদন্ত কৰা হ’ব ৷
আনহাতে এপিএছচিৰ কেলেংকাৰীৰ তদন্তৰ সন্দৰ্ভতো মন্তব্য আগবঢ়াই সঞ্চালক প্ৰধানগৰাকীয়ে ৷ যোৰহাটত আৰক্ষী বিষয়াৰ নাটনিৰ ক্ষেত্ৰত অতি সোনকালে আৰক্ষী বিষয়া নিযুক্তি দিয়া হ’ব বুলি তেওঁ মন্তব্য কৰে ৷
বন বিভাগৰ লগত হোৱা আলোচনাৰ সন্দৰ্ভত তেওঁ কয় যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী প্ৰতিহত কৰাৰ বাবে আৰক্ষী আৰু বন বিভাগে যুটীয়াভাৱে অভিযান অব্যাহত ৰাখিছে ৷ তেওঁ আগন্তুক বৰ্ষটো গঁড় নিধন শূন্য কৰাৰ বাবে এতিয়াৰ পৰা প্ৰদক্ষেপ গ্ৰহণ কৰা হ’ব ৷ উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে পুৱাৰ ভাগত পৰিয়ালসহ তেওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰে ৷
Also Read: লেট মাই লাইফ বি- ডিচমিছড...