ডিজিটেল ডেস্কঃ কেডাৰৰ তেজেৰে ৰাঙলী হৈছে আলফা(স্বা)ৰ শিবিৰ। সংগঠন বিৰোধী কাৰ্যকালাপত জড়িতৰ অভিযোগত সংগঠনটোৰ দুই কেডাৰক মৃত্য়ুদণ্ড বিহাৰ খবৰ আহি পৰিছে।
এই ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে। সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে, ''জংঘলৰ পৰা অহা খিলঞ্জীয়া যুৱক-যুৱতীৰ মৃত্যুৰ হৃদয়বিদাৰক খবৰ সকলোকে চিন্তিত কৰিছে - অসমৰ যুৱক-যুৱতীসকললৈ মোৰ অনুৰোধ - যিজন ব্যক্তি আৰু সংগঠনৰ বাবে আপোনাৰ জীৱনটো গুৰুত্বপূৰ্ণ নহয় তাৰ বাবে আপোনাৰ জীৱন নষ্ট নকৰিব ॥''
জংঘলৰ পৰা অহা খিলঞ্জীয়া যুৱক-যুৱতীৰ মৃত্যুৰ হৃদয়বিদাৰক খবৰ সকলোকে চিন্তিত কৰিছে - অসমৰ যুৱক-যুৱতীসকললৈ মোৰ অনুৰোধ - যিজন ব্যক্তি আৰু সংগঠনৰ বাবে আপোনাৰ জীৱনটো গুৰুত্বপূৰ্ণ নহয় তাৰ বাবে আপোনাৰ জীৱন নষ্ট নকৰিব ॥@assampolice @CMOfficeAssam
— GP Singh (@gpsinghips) October 3, 2023
উল্লেখ্য যে, চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড বিহিছে পৰেশ বাহিনীয়ে। মৃত্যুদণ্ড বিহা দুজনৰ নাম লাচিত হাজৰিকা ওৰফে চেলিম আলী আৰু বৰ্ণালী অসম ওৰফে নয়নমণি চেতিয়া ।
নয়নমণি চেতিয়া আছিল এগৰাকী সুদক্ষ খেলুৱৈ। তদুপৰি এগৰাকী মাতৃও আছিল নয়নমণি। আনহাতে মৃত্যুদণ্ড বিহা লাচিত হাজৰিকা ওৰফে চেলিম আলীৰ ঘৰ বিহপুৰীয়াত।
Also Read: নতুন শিক্ষা নীতিৰ আধাৰত ইংৰাজী ব্যাকৰণ পাঠ্যপুথি উন্মোচন...