গহপুৰ মহকুমা প্ৰশাসনৰ উদ্যোগত ছাত্র-ছাত্ৰীৰে মত বিনিময় অনুষ্ঠান...

গহপুৰ মহকুমা প্ৰশাসনৰ উদ্যোগত ছাত্র-ছাত্ৰীৰে মত বিনিময় অনুষ্ঠান...
Published on
Updated on

ডিজিটেল সংবাদ, ছয়দুৱাৰ : শনিবাৰে গহপুৰ মহকুমা প্ৰশাসনৰ উদ্যোগত মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখৰ কুচকাৱাজ ক্ষেত্ৰৰ সভাগৃহত অনুষ্ঠিত হয় এক মত বিনিময় অনুষ্ঠান। উক্ত অনুষ্ঠানত "কেতিয়াও সপোনৰ পিছত দৌৰ নামাৰিবা। জীৱনত সফলতা বুটলিবলৈ হ'লে লক্ষ্য স্থিৰ কৰি আগবাঢ়ি যোৱা। দেখিবা এদিন তুমি সঠিক লক্ষ্য স্থানত উপনীত হৈ সমাজৰ এগৰাকী প্ৰতিষ্ঠিত ব্যক্তি হিচাপে প্ৰতিষ্ঠা লাভ কৰিব পাৰিছা।" বুলি মত প্ৰকাশ কৰে মুখ্য সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰা সাংবাদিক চক্ৰপানি পৰাশৰে।

বিশ্বনাথ জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লুকুমণি বৰাই আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানটোত সাংবাদিক চক্ৰপানি পৰাশৰে আৰু কয় যে, এটা নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'বলৈ হ'লে ১০ হাজাৰ ঘণ্টা আৰু ৭ বছৰ একেটা কামকে আন্তৰিকতা আৰু নিষ্ঠা-সততাৰে কৰি গৈ থাকিব লাগিব। এই ১০ হাজাৰ ঘণ্টা আৰু ৭ বছৰ সময় তেওঁৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ সময় আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে, সাংবাদিকতাৰ ক্ষেত্ৰখনত তেওঁ ধৈৰ্য্য, একাগ্ৰতা আৰু নিষ্ঠা-সততাৰে কাম কৰি যোৱাৰ বাবে সাংবাদিকতাৰ ক্ষেত্ৰখনত তেওঁ প্ৰতিষ্ঠিত হ'বলৈ সক্ষম হৈছে।

৩০০ টকাৰ দৰমহাৰে সাংবাদিকতা আৰম্ভ কৰি এতিয়া তেওঁ এই বৃত্তিটোৰ জৰিয়তে এক স্বাভাৱিক জীৱন যাত্ৰা অব্যাহত ৰখা বুলি উল্লেখ কৰি দৃঢ়তাৰে কয় যে, তেওঁৰ সাংবাদিকতা জীৱনত এতিয়ালৈকে বাতৰি প্ৰকাশ কৰা কিম্বা বাতৰি বন্ধ কৰাৰ সুযোগ লৈ কাৰো পৰা এটকাও লৈ পোৱা নাই। শিল-বালি মহলকে ধৰি বিভিন্ন উৎসৰ পৰা মাহেকীয়া মাননী লৈ অহা সাংবাদিকতাই আজিৰ সমাজ ব্যৱস্থা কলুষিত কৰি তোলা বুলি উল্লেখ কৰি চক্ৰপানি পৰাশৰে নৱপ্ৰজন্মক সততাৰে সাংবাদিকতা কৰি সমাজৰ হকে কাম কৰি যাবলৈ অনুৰোধ কৰে।

গহপুৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়া নমিতা বৰাই আঁত ধৰা গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটোত চক্ৰপানি পৰাশৰে জীৱনৰ কক্ষপথত সফলতা বুটলিবলৈ হ'লে বিফলতাৰ প্ৰয়োজন বুলি উল্লেখ কৰি দুটাকৈ ব্যৱসায়ত তেওঁ বিফলতা লাভ কৰাৰ পিছত তেওঁ কেনেদৰে সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছে তাৰ বাখ্যা ডাঙি ধৰে। ভাষণ প্ৰসংগত তেওঁ সময় পৰিচালনাৰ ওপৰত গুৰুত্ব দি আগবাঢ়ি যাবলৈ ছাত্র-ছাত্ৰী সকলৰ প্ৰতি আহ্বান জনায়।

ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কিশোৰ সিং ৰাজপুত,গহপুৰৰ প্ৰতিষ্ঠিত মীনপালক, উদ্যোগী অনুপ শৰ্মা, গহপুৰ মহকুমা ন্যায়িক দণ্ডাধীশ আদালতৰ অধিবক্তা প্ৰাঞ্জল গোস্বামী, গহপুৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডা: দীপাংকৰ পাটৰ, পৰ্য্যটন উদ্যোগী শিৱম শৰ্মা, সহকাৰী আয়ুক্ত ড০ পৱম কুমাৰ উপাধ্যায়, চয়নিকা হাজৰিকা, মাধুৰ্য্য পৰাশৰ, নিৰ্বাচনী বিষয়া পূজা পুনম গগৈ, ৰাজহ চক্ৰ বিষয়া মনিষ ভড়ালী, খণ্ড উন্নয়ন বিষয়া ৰাণাদ্বীপ চুতীয়া প্ৰমুখ্যে বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰা মত বিনিময় অনুষ্ঠানটোত ছাত্র-ছাত্ৰী সকলক অধ্যয়নশীল হ'বলৈ পৰামৰ্শ আগবঢ়ায়।

সকলো ছাত্র-ছাত্ৰীয়ে জ্ঞান আহৰণৰ ওপৰত গুৰুত্ব দি কাম কৰা স্পৃহাক মূলধন হিচাপে লৈ আগবাঢ়ি গ'লে নিশ্চয় সফলতাই আৱৰি ধৰিব বুলি মত প্ৰকাশ কৰে উপস্থিত ব্যক্তিসকলে। আনহাতে গহপুৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়া নমিতা বৰাই কয় যে, মাধ্যম যিয়েই নহওঁক শুদ্ধকৈ পঢ়া আৰু বাক্যৰ গাঁথনিৰ লগতে বানানৰ ওপৰত গুৰুত্ব দিলে অধ্যয়নৰ ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰি।

গহপুৰ মহকুমাৰ মহকুমাধিপতি লুকুমণি বৰাই প্ৰতিগৰাকী ছাত্র-ছাত্ৰীক সৰুৰে পৰাই নিয়মীয়াকৈ বাতৰি কাকত পঢ়িবলৈ অনুৰোধ জনায় কয় যে সুস্থ প্ৰতিযোগিতাইহে এগৰাকী ব্যক্তিক সমাজত সু-প্ৰতিষ্ঠিত কৰি তুলিব পাৰে।আজিৰ এই মত বিনিময় অনুষ্ঠানটোৰ চিনাকি পৰ্ব অনুষ্ঠানৰ আঁত ধৰে গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অনিল বৰুৱাই।

গহপুৰ মহকুমা প্ৰশাসনৰ উদ্যোগত ছাত্র-ছাত্ৰীৰে মত বিনিময় অনুষ্ঠান...
গুৱা-পাণেৰে ৰাজহুৱা ক্ষমাভিক্ষা: কঠোৰ সকীয়নি দি ফাট বিহু সমিতিক ক্ষমাদান ৰাইজৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in