নিৰ্বাচনী বতৰতে বিশ্বনাথৰ কংগ্ৰেছ নেতাৰ ব্যৱসায়িক কেন্দ্ৰত GST আয়ুক্তলয়ৰ তালাচী

কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাৰ হৈ প্ৰচাৰত সক্ৰিয় অশংগ্ৰহণ কৰা বিক্ৰম ডুবেৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত এই অভিযান
নিৰ্বাচনী বতৰতে বিশ্বনাথৰ কংগ্ৰেছ নেতাৰ ব্যৱসায়িক কেন্দ্ৰত GST আয়ুক্তলয়ৰ তালাচী
নিৰ্বাচনী বতৰতে বিশ্বনাথৰ কংগ্ৰেছ নেতাৰ ব্যৱসায়িক কেন্দ্ৰত GST আয়ুক্তলয়ৰ তালাচী
Published on
Updated on

ডিজিটেল সংবাদ বিহালীঃ বিশ্বনাথ চাৰিআলিৰ অন্যতম প্ৰতিষ্ঠিত ব্যৱসায়ী তথা বিশ্বনাথৰ প্ৰভাৱশালী কংগ্ৰেছ নেতা বিক্ৰম ডুবেৰ ব্যৱসায়িক কেন্দ্ৰত আজি প্ৰায় ৬ ঘণ্টা ধৰি জি এছ টি আয়ুক্তালয়ে তালাচী চলোৱাৰ খবৰে সমগ্ৰ জিলাখনতে চাঞ্চল্য সৃষ্টি কৰিছে। বিহালী উপ নিৰ্বাচনৰ সময়তে বিশ্বনাথৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তথা কংগ্ৰেছ নেতা বিক্ৰম ডুবেৰ ব্যৱসায়িক কেন্দ্ৰত ৰাজ্যিক সামগ্ৰী-সেৱা কৰ বিভাগে কৰ ফাঁকিৰ অভিযোগত চলোৱা এই অভিযান তাৎপৰ্যপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে৷

জানিব পৰা মতে, ৰাজ্যিক সামগ্ৰী-সেৱা কৰ আয়ুক্তালয়ৰ এটা ২৫ জনীয়া দলে বিশ্বনাথ চাৰিআলি মাতা হাৰ্ডৱেৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ ফাঁকিৰ খবৰৰ ভিত্তিত অভিযান চলোৱা বুলি অভিযানকাৰী বিষয়াৰ পৰা জানিব পৰা গৈছে৷ ৰাজ্যিক কৰ আয়ুক্তৰ নিৰ্দেশত বিশ্বনাথ চাৰিআলিৰ মাজমজিয়াত অৱস্থিত মাতা হাৰ্ডৱেৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত এই অভিযানকাৰী দলটোৱে তদন্ত কৰিছে৷

মাতা হাৰ্ডৱেৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত ৰাজ্যিক সামগ্ৰী-সেৱা কৰ আয়ুক্তলয়ৰ ২৫ জনীয়া অভিযানকাৰী দলটোৱে ব্যৱসায়িক নথি-পত্ৰ পৰীক্ষা নিৰীক্ষা চলাই বহুকেইটা ইলেক্ট্ৰনিক ডিভাইছ, নথি-পত্ৰ জব্দ কৰে বুলি অভিযানকাৰী দলটোৱে সদৰি কৰিছে৷

উল্লেখ যে বিশ্বনাথ চাৰিআলিৰ মাজমজিয়াত অৱস্থিত মাতা হাৰ্ডৱেৰৰ স্বতাধিকাৰী বিক্ৰম ডুবেৰ ব্যৱসায়িক প্ৰতিষ্ঠানত কিছু দিন পূৰ্বে সামগ্ৰী-সেৱা কৰ বিভাগৰ তেজপুৰ আৰু বিশ্বনাথ চাৰিআলি শাখাই আন এক অভিযান চলাইছিল৷ পুনৰ আজি ৰাজ্যিক সামগ্ৰী সেৱা কৰ আয়ুক্তালয়ৰ ২৫ জনীয়া অভিযানকাৰী দলে ব্যৱসায়িক প্ৰতিষ্ঠানখনত অভিযান চলালে৷

উল্লেখ যে, অহা ১৩ নবেম্বৰ তাৰিখে অনুষ্ঠিতৱ্য বিহালী উপ-নিৰ্বাচনত বিহালীৰ কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ কাৰ্যত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে বিক্ৰম ডুবেই৷

নিৰ্বাচনী বতৰতে বিশ্বনাথৰ কংগ্ৰেছ নেতাৰ ব্যৱসায়িক কেন্দ্ৰত GST আয়ুক্তলয়ৰ তালাচী
AIUDF ৰ দক্ষিণ শালমাৰা মানকাচৰ জিলা কমিটী নতুনকৈ গঠন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in