ডিজিটেল সংবাদ, টীয়ক: যোৱা ৩০ মাৰ্চত টীয়কৰ হাঁহচৰা অঞ্চলৰ জিতু গগৈ নামৰ এজন ব্যক্তি আৰু তেওঁৰ পুত্ৰক বিনা কাৰণত মাৰপিট কৰি পিষ্টল দেখুৱাই প্ৰাণে মৰা ভাবুকি প্ৰদান কৰাৰ বুলি দিয়া অভিযোগ উত্থাপন হৈছিল এজনৰ বিৰুদ্ধে।
সেই অভিযোগৰ ভিত্তিত হাঁহচৰাৰ বিতুপন কলিতা নামৰ এজন যুৱকক পিষ্টলসহ টীয়ক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি শুকুৰবাৰে জেললৈ প্ৰেৰণ কৰে। জিতু গগৈৰ অভিযোগৰ ভিত্তিত IPC/91/22 নম্বৰত গোচৰ ৰজু কৰি টীয়কৰ আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।
উল্লেখযোগ্য যে অভিযুক্ত বিতুপনে উক্ত পিষ্টলটো ডিমাপুৰৰ এজন বন্ধুৱে তেওঁক থ'বলৈ দিছিল আৰু সুৰামক্ত হৈ উক্ত ঘটনা সংঘটিত কৰিছিল বুলি স্বীকাৰ কৰিছে।আৰক্ষীয়ে ইতিমধ্যে বিতুপন কলিতাৰ মটৰ চাইকেলো জব্দ কৰিছে।
আৰু পঢ়ক: বদৰুদ্দিন থাকিলে জৰুৰ জৰুৰ বিজেপি যে জিকিবই…
সংস্থাপনহীন,দৰিদ্ৰ জনতাৰ কিদৰে চলিব জীৱন? ১-২ নহয় সকলো সামগ্ৰীৰে বৃদ্ধি পালে মূল্য….