মহানগৰীৰ ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত গুৱাহাটী কলেজৰ এজন ছাত্ৰ...

হাতীগাঁও মন্দিৰৰ সমীপতে সংঘটিত হয় এক ভংকৰ পথ দুৰ্ঘটনা
guwahati
guwahati
Published on
Updated on

ডিজিটেল ডেস্ক : হাতীগাঁও মন্দিৰৰ সমীপতে সংঘটিত হয় এক ভংকৰ পথ দুৰ্ঘটনা। স্কুটী আৰু পানী কঢ়িওৱা বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হয় স্কুটী আৰোহীজন। দুৰ্ঘটনাগ্ৰস্ত স্কুটীখনৰ নম্বৰ AS01FF1667 আৰু পানী কঢ়িওৱা বাহনখনৰ নম্বৰ AS01LC 8326।

উল্লেখ্য যে স্কুটী আৰোহীজন লখৰাৰ বিশ্বজিত সিনহা বুলি জানিব পৰা গৈছে। গুৱাহাটী কলেজৰ ছাত্ৰ আছিল ১৭ বছৰীয়া বিশ্বজিত। জানিব পৰা মতে হাতীগাঁৱৰ দিশৰ পৰা ৰাজধানী মছজিদ দিশে গৈ আছিল স্কুটী আৰোহী বিশ্বজিত। তাৰ বিপৰীত দিশৰ পৰা আহি আছিল পানী কঢ়িওৱা মেজিক ভেন খন।

উল্লেখ্য যে পুৱাৰ ভাগত পথৰ দাঁতিত থকা নলাৰ কাম কৰি থকাৰ বাবে পথৰ এটা দিশ বন্ধ কৰি বাহনসমূহ একেটা পথত চলাচল কৰিব লগা হোৱাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ বুলি অনুমান কৰিছে ৰাইজে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in