প্ৰথমে পূজা পাছত হত্যাৰ ব্লু প্ৰিন্টঃ ৩ বাৰকৈ বিয়া হোৱা গীতাশ্ৰীয়ে প্ৰেমিকৰ সৈতে মিলি কৰিলে সকলো...

মহানগৰ আৰক্ষী আয়ুক্তৰ সংবাদমেল। খানাপাৰাৰ গুলীচালনাৰ ঘটনা সন্দৰ্ভত এই সংবাদমেল। ১২ অক্টোবৰত সংঘটিত হৈছিল এই গুলী চালনাৰ ঘটনা।

author-image
Asomiya Pratidin
New Update
প্ৰথমে পূজা পাছত হত্যাৰ ব্লু প্ৰিন্টঃ ৩ বাৰকৈ বিয়া হোৱা গীতাশ্ৰীয়ে প্ৰেমিকৰ সৈতে মিলি কৰিলে সকলো...

ডিজিটেল ডেস্কঃ মহানগৰ আৰক্ষী আয়ুক্তৰ সংবাদমেল। খানাপাৰাৰ গুলীচালনাৰ ঘটনা সন্দৰ্ভত এই সংবাদমেল। ১২ অক্টোবৰত সংঘটিত হৈছিল এই গুলী চালনাৰ ঘটনা।

অৰক্ষীয়ে জনাই যে ৬জনক আটক কৰি সোধা-পোছাৰ পিছতে পোহৰলৈ আহে সকলো তথ্য। অঞ্জন হত্যাৰ মূল অভিযুক্ত সৌৰভ গোৱেংকা। দুবাৰকৈ বিয়া হৈছিল গীতাশ্রী সিনহা। কিন্তু দুয়োবাৰেই বিবাহ বিচ্ছেদ হৈছিল গীতাশ্রী সিনহাৰ।

বিবাহ বিচ্ছেদৰ পিছত দেউতাকৰ ঘৰত আছিল গীতাশ্রী।গীতাশ্রী সিনহাৰ এটা ৬ বছৰীয়া সন্তানো আছে। দ্বিতীয় স্বামীৰ ফালৰ পৰা আছিল সন্তানটো। বৰ্তমান সন্তানটো ত্রিপুৰাত আছে।

৪ বছৰৰ পূৰ্বে অঞ্জন নাথৰ সৈতে সম্বন্ধ গঢ়িছিল গীতাশ্রীয়ে। পৰিয়ালৰ লোকে মানি লোৱা নাছিল এই সম্বন্ধ। অঞ্জন আৰু গীতাশ্রীৰ মাজত প্রায়েই সংঘাত হৈছিল।

‘জে মায়া’ নামৰ এখন মাছাজ পাৰ্লাৰত কাম কৰিছিল গীতাশ্রীয়ে। সেই পাৰ্লাৰতেই লগ পাইছিল সৌৰভ গোৱেংকাক। সৌৰভ গোৱেংকাৰ সৈতেও গীতাশ্রীৰ গঢ়ি উঠে প্রেমৰ সম্পৰ্ক।

অৰবিন্দ নামৰ এজনৰ জৰিয়তে পূজা-পাতল কৰি আঁতৰাবলৈ চেষ্টা কৰিছিল অঞ্জনক। পূজা-পাতলে কাম নিদিয়াত অঞ্জনক হত্যাৰ ব্লু-প্রিণ্ট ৰচিছিল গীতাশ্ৰীয়ে।

গোবিন্দ ৰায়ৰ সহায়ত বিহাৰৰ পৰা আনিছিল পিষ্টল। ছাতুগুড়িত মাজত ভৰাই আনিছিল পিষ্টলটো। হত্যাৰ পূৰ্বে দুদিন ধৰি সকলো পৰ্যবেক্ষণ কৰিছিল।

য়ামাহা বাইকত আহিছিল হত্যাকাৰী। সেইদিনা অঞ্জন ছয়গাঁৱলৈ গৈছিল। হত্যাকাৰীক এই সকলোবোৰ তথ্য যোগান ধৰিছিল গীতাশ্রীয়ে। কইনাধৰাৰ গণেশ মন্দিৰৰ সন্মুখত ৰৈ আছিল অঞ্জন। তেতিয়াই বাইকত বহি থকা অৱস্থাতে অঞ্জনলৈ লক্ষ্য কৰি গুলী চলাইছিল।

হোটেল ভিভাণ্টাৰ সন্মুখেৰে আহি ভৰলুত দলিয়াইছিল পিষ্টলটো। প্রথম গীতাশ্রীৰ পিতৃ-মাতৃয়ে কৰিছিল হত্যাৰ পৰিকল্পনা। তাৰ পিছত পৰিয়ালৰ আটাইকেইজন জড়িত হৈছিল।

আনহাতে গীতাশ্রীৰ মোবাইল এটা জি এছ ৰোডত পেলোৱাৰ কথা স্বীকাৰ হত্যাকাৰীৰ। গুলীচালনাৰ পিছত অঞ্জনক মেট্ৰ হাস্পতালত ভৰ্তি কৰিছিল আৰক্ষীয়ে। কিন্তু মৃত্যু হৈছিল অঞ্জনৰ।

Also Read: নগাঁৱত সংখ্যালঘু ভোটাৰৰ সংখ্যা বেছি, গতিকে আমি তীব্ৰ যুঁজ দিমঃ পিযুষ হাজৰীকা

Assam police