ডিজিটেল ডেস্কঃ খানাপাৰাৰ গুলীচালনাৰ ঘটনাত ৭ অভিযুক্তক গ্রেপ্তাৰ। আৰক্ষীৰ জালত সৌৰভ গোৱেংকা, অৰবিন্দ ৰয় আৰু বিহাৰৰ গোবিন্দ কুমাৰ। আৰক্ষীয়ে জব্দ কৰিছে দুৰ্বৃত্তই ব্যৱহাৰ কৰা বাইকখন। ঘটনা সংঘটিত কৰিবলৈ বিহাৰৰ পৰা অনা হৈছিল পিষ্টল। আৰক্ষীয়ে জব্দ কৰিছে ৭টা মোবাইল ফোন।
গীতাশ্ৰীৰ লগতে পিতৃ অৰিজিৎ সিনহা, মাতৃ ঝৰ্ণা সিনহাকো গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে। গীতাশ্রীৰ ভগ্নী নেহা সিনহাকো গ্রেপ্তাৰ।
ডেৰ মাহ পূৰ্বেই গীতাশ্রীৰ বাসগৃহত কৰা হৈছিল হত্যাৰ পৰিকল্পনা। এই পৰিকল্পনাৰ বিষয়ে জানিছিল গীতাশ্রীৰ পিতৃ অৰিজিৎ সিনহাই। আৰক্ষীৰ ওচৰত এই কথা স্বীকাৰ অৰিজিৎ সিনহাৰ।
উল্লেখ্য যে, ১২ অক্টোবৰৰ সন্ধিয়া মহানগৰীৰ কইনাধৰাত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ হত্যাকাণ্ড। অঞ্জন নাথ নামৰ যুৱকজনক বাইকত অহা দুৰ্বৃত্তই গুলীয়াই পলায়ন কৰিছিল। বুকুত গুলী লগা অঞ্জনৰ পৰৱৰ্তী সময়ত মৃত্যু হৈছিল।
এই ঘটনাৰ পাছতে বহু চাঞ্চল্যকৰ কথা পোহৰলৈ আহিছিল। এগৰাকী মণিপুৰী মহিলাই নিজকে অঞ্জনৰ পত্নী বুলি দাবী কৰিছিল যদিও অঞ্জনৰ পৰিয়ালৰলোকে তেওঁক প্ৰেমিকা বুলিহে কৈছিল। মহিলাগৰাকীৰ এটা পুত্ৰ সন্তানো আছে।
অঞ্জন মহিলাগৰাকী তৃতীয় স্বামী। অন্য দিনাৰ দৰে মহিলাগৰাকীক কামৰ পৰা আনিবলৈ গৈ ৰৈ আছিল অঞ্জন আৰু তেতিয়াই এই ঘটনা সংঘটিত হৈছিল। জানিব পৰা মতে ঘটনাৰ মূল অভিযুক্ত সৌৰভ গোৱেংকা গায়ত্ৰীৰ চতুৰ্থ প্ৰেমিক।
Also Read: শ্ৰীলংকাৰ নৌ সেনাৰ হাতত গ্ৰেপ্তাৰ ২৭জন ভাৰতীয় মাছমৰীয়া