ডিজিটেল সংবাদ, হাজোঃ হাজোৰ ধুহিবালা গাঁওত দেখা গ'ল সম্প্ৰীতিক অনন্য নিদৰ্শন। মৃত হিন্দু মহিলাক শ্মশানত সৎকাৰ কৰিলে ইছলাম ধৰ্মৰ লোকে।
মুছলমান ৰাইজৰ মৰম দেখি হুক হুক কান্দি উঠিল দুৰ্ভগীয়া স্বামীয়ে। হাজো সমষ্টিৰ কঞা ৰাজহ চক্ৰৰ অন্তৰ্গত ধুহিবালা লৰমা গৌৰহাটীত ২৮২ টা মুছলমান পৰিয়ালৰ মাজত এটাই আছিল হিন্দু পৰিয়াল ৷
হিন্দু পৰিয়ালটোৰ মুৰব্বী কাননগু দাসৰ পত্নী মিনু দাসৰ দেওবাৰে আবেলি মৃত্যু হৈছিল নিজ গৃহত। মহিলা গৰাকীৰ মৃত্যুত উপায়ন্তৰ হৈ পৰিছিল অতি দৰিদ্ৰ স্বামী কাননগো দাস।
শেষত বৃহত্তৰ ধুহিবালাৰ লগতে লৰমা গৌৰহাটীৰ ইছলাম ধৰ্মী ৰাইজ ওলাই আহি থিয় দিলে দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত। প্ৰত্যেকে হাতে হাতে বাহ-খেৰ কান্ধত মৃত মিনু দাসৰ মৃতদেহ লৈ উপস্থিত হ’ল বৰলীয়া নৈৰ পাৰত৷ সৎকাৰ কৰিলে মিনো দাসৰ নশ্বৰদেহ৷
ইছলাম ধৰ্মৰ লোক সকলৰ এনে মানবীয় দৃষ্টি ভংগীৰ বাবে মুছলমান ৰাইজক কৃতজ্ঞা জ্ঞাপন কৰে মৃত মহিলাগৰাকীৰ স্বামীয়ে।
যিটো সময়ত দেশত হিন্দু-মুছলমানক লৈ একাংশই ৰাজনীতি কৰি এক বিষাক্ত পৰিবেশ সৃষ্টি কৰি আছে তেনে এক সময়ত ধুহিবালা গাওঁত দেখা যায় ভাতৃত্ববোধ সুন্দৰ চানেকি৷ গাওঁবাসীয়ে মিনু দাসৰ সৎকাৰে নহয় সকাম নিকামতো সহায় কৰিব বুলি জানিব দিছে অঞ্চলটোৰ মুছলমান ভাই সকলে ৷লগতে কোনো হৃদয়বান লোকে সদায় কৰিব বিছাৰিলে সহায় কৰিবলৈ আহ্বান জনাইছে ইছলাম ধৰ্মী ভাই বন্ধু সকলে৷
Also Read: বয়স ২৬ সপ্তাহ ৫ দিন! মহিলাৰ গৰ্ভপাত কৰাৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ