ডিজিটেল সংবাদ,গুৱাহাটীঃ আজিৰে পৰা ৯ নৱেম্বৰলৈ ৰাজ্যজুৰি আৰম্ভ হৈছে ভাষা গৌৰৱ সপ্তাহ। অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাৰ বাবে আজিৰে পৰা ৰাজ্য চৰকাৰে ৯ নৱেম্বৰলৈ ভাষা গৌৰৱ সপ্তাহ উদযাপনৰ পদক্ষেপ হাতত লৈছে। কামৰূপ জিলা প্ৰশাসনে হাজোৰ চুৰেণ দাস কলেজৰ মাধৱদেৱ প্ৰেক্ষাগৃহত ভাষা গৌৰৱ সপ্তাহৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰে।
অনুষ্ঠানত জিলা অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মুখ্যমন্ত্ৰীৰ অ এচ ডি হেমন্ত চৌধুৰী, উপায়ুক্ত দেৱকুমাৰ মিশ্ৰ আৰু অনুষ্ঠানৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক ভাষাবিদ জ্যোতি খাটনিয়াৰ।
আজিৰ অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী গৰাকীয়ে কয় যে, অসমীয়া ভাষা ধ্ৰুপদী ভাষাৰ স্বীকৃতি পালেই ঠিকেই নৱ প্ৰজন্মই অসমীয়া গ্ৰন্থ, বাতৰি কাকত আৰু অসমীয়া আলোচনী পঢ়িব লাগিব। অসমীয়া ভাষা সাহিত্য অধিক প্ৰচাৰ আৰু প্ৰসাৰ লাভৰ ক্ষেত্ৰত নৱপ্ৰজন্মৰ ভৃমিকা অতি গুৰুত্বপূৰ্ণ।
উল্লেখ্য যে, আজিৰ অনুষ্ঠানত কামৰূপ জিলাৰ ৫ বিশিষ্ট সাহিত্যিক ক্ৰমে লোক সংস্কৃতিৰ সাধক ভৱিন চন্দ্ৰ ৰাভা, অনুবাদ সাহিত্যৰ বিশিষ্ট সাহিত্যিক ড° দেৱেন চন্দ্ৰ দাস, বিশিষ্ট কবি ভূষন কলিতা, বিশিষ্ট লেখক ড° মৃণাল কলিতা আৰু বিশিষ্ট লেখক মইনা গোস্বামী উপস্থিত থাকে।
Also Read: বিশিষ্ট সাংবাদিক প্ৰয়াত বিকাশ শৰ্মাৰ উপন্যাস 'চিকাৰী ককা' উন্মোচন