ডিজিটেল ডেস্কঃ ৫ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া হাৰিয়ানা বিধানসভা নিৰ্বাচনক লৈ সকলো ৰাজনৈতিক দলৰ মাজত দেখা গৈছে তীব্ৰ উৎকন্ঠা। বিজেপি, কংগ্ৰেছৰ লগতে ইতিমধ্যে আই এন এল ডি আৰু জে জে পিৰ নেতাসকলেও নিজ নিজ মনোনয়ন দাখিল কৰিছে। পৰ্যায়ক্ৰমে আৰম্ভ হৈছে নিৰ্বাচনী প্ৰতিশ্ৰুতি আৰু প্ৰৰোচনা, ইজনৰ আনজনৰ বিৰুদ্ধে অভিযোগ আৰু প্ৰতি অভিযোগৰ খেল।
শেহতীয়াকৈ আপৰ নেতা অৰবিন্দ কেজৰিৱালে জামিন পোৱাৰ পাছতে হাৰিয়ানা নিৰ্বাচনৰ প্ৰেক্ষাপট অধিক গৰম হোৱাৰ সম্ভাৱনাই দেখা দিছে। ইতিমধ্যে কংগ্ৰেছ দলে হাৰিয়ানৰ মুঠ ৯০খন আসনৰ ভিতৰত ৪১খন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। বিৰোধীৰ এনে তৎপৰতাৰ মাজতে শেহতীয়াকৈ বিজেপি দল আৰু এখোজ আগুৱাই ঘোষণা কৰিলে হাৰিয়ানা নিৰ্বাচনৰ বাবে ষ্টাৰ কেম্পেইনাৰৰ নাম।
৪০জনীয়া এই তালিকাত আছে বহুকেইগৰাকী বিজেপিৰ শীৰ্ষ নেতাৰ নাম। তালিকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰা আদি কৰি খেলুৱৈ ববিতা ফ'গাটৰ লৈকে নাম আছে। লক্ষ্যণীয়ভাৱে এই ৪০জনীয়া তালিকাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নাম নাই যদিও ২২সংখ্যক নম্বৰতে আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম।
নৰেন্দ্ৰ মোডী, জে পি নাড্ডা, ৰাজনাথ সিং, অমিত শ্বাহ, নিতিন গাডকাৰীৰ লগতে এই তালিকাত নাম আছে- নায়াব সিং চায়নী, মোহন লাল বাদলী, মনোহৰলাল খট্টৰ, শিৱৰাজ সিং চৌহান,ধৰ্মেন্দ্ৰ প্ৰধান,যোগী আদিত্য,সতিশ পুনিয়া, বিপ্লৱ কুমাৰ দেৱ, চুৰেন্দ্ৰ সিং নাগৰ,পীযুষ গোয়েল, অৰ্জুন ৰাম মেঘৱাল,হৰদীপ সিং পুৰী,সুধা যাদৱ, ভজন লাল শৰ্মা, মোহন যাদৱ,পুষ্কৰ সিং ধামী, ৰাও ইন্দৰজিৎ সিং, কৃশাণ পাল গোজ্জৰ, বাসুন্ধৰা ৰাজে, স্মৃতি ইৰানী, জয়ৰাম ঠাকুৰ, ৰভনীত সিং, অনুৰাগ ঠাকুৰ, দিয়া কুমাৰী,হেমা মালিনী,কিৰণ চৌধৰী, ধৰমবীৰ সিং,নবীন জিণ্ডাল, অশোক টৱান, মনোজ টিৱাৰী, সঞ্জীৱ বলয়ান, কুলদীপ বিষ্ণই, ৰাম তন্দৰ জাগ্ৰা, ববিতা ফোগট।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ ওচৰত গুৰুত্ব বাঢ়িছে মুখ্যমন্ত্ৰী শৰ্মাৰ। হাৰিয়ানাৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে বিজেপিয়ে আজি প্ৰকাশ কৰা তাৰকা প্ৰচাৰকৰ তালিকাই এই কথা স্পষ্ট কৰিছে ৷ তাৰকা প্ৰচাৰকৰ তালিকাৰ পৰা বাদ পৰিছে ৰাজ্যখনৰ কেইবাগৰাকী শীৰ্ষ নেতাৰ নাম। উক্ত তালিকাখনত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ পাছতে হিমন্ত বিশ্বৰ নাম সন্নিৱিষ্ট হৈছে ৷
বুধবাৰে ৰাজ্যখনৰ শাসকীয় দল বিজেপিয়ে প্ৰাৰ্থীৰ প্রথমখন তালিকা প্রকাশ কৰিছিল৷ প্ৰথমখন তালিকাত ৬৭ জন প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰিছিল দলটোৱে। ইফালে লোকসভা নিৰ্বাচনত ৰাজ্যখনত মিত্ৰতাৰে যুঁজ দিয়া কংগ্ৰেছ আৰু আপে আগন্তুক নিৰ্বাচনত অকলেই অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা দেখা দিছে।
আনহাতে, ৰাজ্যখনৰ আগন্তুক নিৰ্বাচন অধিক আকৰ্ষণীয় কৰি তুলিছে পৰিয়ালৰ মাজত হোৱা ৰাজনৈতিক যুঁজখনে। ডাবৱলী, ৰণিয়া আৰু তোছাম বিধানসভাৰ আসনৰ পৰা প্ৰতিদ্বণ্ডিতা কৰিছে একেটা পৰিয়ালৰ সদস্যই। কোনো সমষ্টিৰ পৰা যদি ককাকৰ বিৰুদ্ধে নাতি তেন্তে অন্য সমষ্টিত ককায়েকৰ বিৰুদ্ধে ভনীয়েক। মুঠতে ষ্টাৰ কেম্পেইনাৰৰ তালিকাৰ লগতে পৰিয়ালৰ সদস্যৰ মাজত হোৱা নিৰ্বাচনী যুঁজে আকৰ্ষণীয় কৰি তুলিছে হাৰিয়ানাৰ বিধানসভা নিৰ্বাচন। এইবাৰ হাৰিয়ানা নিৰ্বাচনত এনে কিছুমান আসনৰ ওপৰত চকু ৰাখিব ৰাইজ তথা বিশ্লেষকে।
উল্লেখ্য যে, ভাৰতীয় নিৰ্বাচন আয়োগে হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ তাৰিখ ২০২৪ চনৰ ১ অক্টোবৰৰ পৰা ৫ অক্টোবৰলৈ পিছুৱাই দিছিল। অৱশ্যে নিৰ্বাচনৰ ফলাফল ৮অক্টোবৰতে প্ৰকাশ পাব। এইবেলি হাৰিয়ানা নিৰ্বাচনত অন্যতম এগৰাকী প্ৰাৰ্থী হৈছে অলিম্পিয়ান মল্লযুঁজাৰু ৱিনেশ ফ’গাট। কিছুদিনৰ আগতে কংগ্ৰেছত যোগদান কৰিছিল ফাগাটে।
Also Read: এই নাটকৰ নাট্যকাৰ কোন ?