ডিজিটেল ডেস্কঃ মহানগৰীৰ হাতীগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। বৃহস্পতিবাৰে পুৱা হাতীগাঁও থানাৰ প্ৰায় ১০০ মিটাৰ নিলগত উদ্ধাৰ হয় এটি মৃতদেহ। ফ্ৰেণ্ডছ পথত উদ্ধাৰ হোৱা মৃতদেহটো লৈ এতিয়া অঞ্চলটোত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে।
হত্যাৰ বলি হোৱা লোকজনৰ নাম জাভেদ আলী আহমেহ। জলসিঞ্চন বিভাগৰ অৱসৰ মুখ্য অভিযন্তা আছিল আহমেদ। ফ্রেণ্ডছ নগৰ জামে মছজিদৰ সভাপতিও আছিল তেওঁ। আজি পুৱতি নিশা নামাজৰ বাবে মছজিদলৈ ওলাই যোৱাৰ পাছতে এই নৃশংস ঘটনা সংঘটিত হয়।
ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰিছে ৰড। আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তৰ মতে সম্ভৱত ৰডেৰে মৰিয়াই হত্যা কৰা হৈছে আহমেদক। মৃতদেহটোৰ মূৰত আঘাতৰ চিন স্পষ্ট হৈ আছে।
ঘটনাস্থলীত থকা চিচিটিভ ফুটেজত হত্যাকাণ্ডৰ সময়ত দুজন লোকৰ আহ-যহ প্ৰত্যক্ষ হৈছে। সেই দুজনলোকে এই হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহ কৰিছে একাংশই। ইতিমধ্যে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ ব্যৱস্থা লৈছে আৰক্ষীয়ে।
কিয় এই হত্যাকাণ্ড সংঘটিত হয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত। জানিব পৰা মতে যোৱা বছৰো একেই স্থানতে আন এক হত্যাকাণ্ড সংঘটিত হৈছিল।
Also Read: মাতৃলৈ শেষ ফোন কৰি আত্মহত্যা কৰিলে IIT হায়দৰাবাদৰ ছাত্ৰই