নিযুক্তি কেলংকাৰীৰ ভয়াবহ তথ্য উন্মোচনঃ উকা উত্তৰ বহী জমা দিয়া পৰীক্ষাৰ্থীয়ে পালে চাকৰি...

স্বাস্থ্য বিভাগৰ নিযুক্তিত কেলেংকাৰী
job scam
job scam job scam
Published on
Updated on

ডিজিটেল ডেস্কঃ নিযুক্তিৰ কেলেংকাৰীত উত্তাল ৰাজ্য। অসম চৰকাৰৰ শেহতীয়া নিযুক্তি পৰীক্ষাক কেন্দ্ৰ কৰি চাকৰিৰ এখন বজাৰ সৃষ্টি হোৱা বুলি দাবী কৰি আৰক্ষীৰ সহায় বিচৰা ভিক্টৰ দাস এতিয়া নিজেই আৰক্ষীৰ জিম্মাত। আনহাতে প্ৰাক্তন মন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাৰ বিৰুদ্ধেও মুকলিকৈয়ে এগৰাকী যুৱতীয়ে উত্থাপন কৰিছে টকাৰ বিনিময়ত চাকৰি দিয়াৰ গুৰুতৰ অভিযোগ।

এনে অভিযোগত ৰাজ্য উত্তাল হৈ থকাৰ সময়তে জুৰীয়াৰ এজন যুৱকৰ আন এক অভিযোগে এতিয়া সকলোৰে চকু কপালত তুলিছে। আমিনুল হক নামৰ যুৱকজনে নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছতে ফেচবুকৰ জৰিয়তে অভিযোগ কৰিছিল উকা অ' এম আৰ শ্বীট জমা দিছিল তেওঁৰ পৰীক্ষা কেন্দ্ৰৰ এজন যুৱকে।

আশ্চৰ্যজনক ভাৱে শেহতীয়াকৈ প্ৰকাশ পোৱা উক্ত নিযুক্তি পৰীক্ষাৰ ফলাফলত উকা অ' এম আৰ শ্বীট জমা দিয়া সেই যুৱকজনে লাভ কৰিছে চৰকাৰী চাকৰি। উল্লেখ্য যে সোমবাৰে ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল স্বাস্থ্য বিভাগৰ এক নিযুক্তি পৰীক্ষাৰ ফলাফল।

স্বাস্থ্য বিভাগে ১৮৮ টা পদৰ বাবে যোৱা মাৰ্চ মাহত অনুষ্ঠিত কৰিছিল এক নিযুক্তিৰ পৰীক্ষা। লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ বাবে অনুষ্ঠিত কৰা এই পৰীক্ষাত আমিনুল হক নামৰ যুৱকজনো অৱতীৰ্ণ হৈছিল। এক ফেচবুক পোষ্টৰ জৰিয়তে আমিনুলে অভিযোগ কৰিছে তেওঁৰ সন্মুখত বহা পৰীক্ষাৰ্থীগৰাকীয়ে উকা অ'এম আৰ শ্বীট জমা দিছিল। কিন্তু সোমবাৰে ঘোষণা কৰা ফলাফলত উকা অ' এম আৰ শ্বীট জমা দিয়া পৰীক্ষাৰ্থীগৰাকী ৰোলনং ফলাফলত প্ৰকাশ পাইছে।

উল্লেখ্য যে আমিনু হকে ১৩ মাৰ্চ ২০২২ ত পৰীক্ষাৰ দিয়াৰ পিছত এক ফেচবুক পোষ্টৰ জৰিয়তে এই বিষয়ে উল্লেখ কৰিছিল। সেই পোষ্টৰ আঁত ধৰি আমিনুলে নিযুক্তি কেলেংকাৰীৰ অভিযোগ তুলি ফেচবুকত পুনৰ লিখিছে এনেদৰে- ''চৰকাৰী চাকৰিৰ নামত দুৰ্নীতি কাক কয় আজিহে বুজিলো। কিয়নো যোৱা কালি দিয়া ৰিজাল্টত যিজনে উত্তৰ বহী উকা জমা দিলে তাৰ ৰোল নং চিলেকচনত উঠিছে। পৰীক্ষাৰ দিনাই মই আপডেট দিছিলো। ৰোল নং-১২৬৯০০৪২ নামটো অমিত নে কিবা আছিল টাইটেল পাহৰিলো। ধেমাজি পাবলিক স্কুলত পৰীক্ষা দিয়া সকলো পৰীক্ষাৰ্থীক আৰু পৰীক্ষকক মাতি সুধিলেই গম পাব পৰীক্ষাৰ দিনা কি হৈছিল। মোৰ আগৰ বেঞ্চত বহি থকা পৰীক্ষাৰ্থী জনে যেতিয়া OMR Sheetখন জমা দিব বিচাৰে তেতিয়া বাইদেউ এজনীয়ে মাত লগায় উকা বহী জমা নলও। তেতিয়া লগে লগে মই পিছফালৰ পৰা থিয় হৈ মাত লগাও আৰু সকলো পৰীক্ষক আৰু পৰীক্ষাৰ্থী একগোট হৈ জবৰদস্তি ৫/১০ টা মান উত্তৰ লিখিবলৈ বাধ্য কৰা হয়। লগতে তাত থকা ফটো পৰীক্ষকে ব্যক্তি জনৰ লাইভ ভিডিঅ'ৰ লগতে ফটো আধাৰ কাৰ্ডৰ ফটো তুলি ৰাখে। ওলাই আহোতে কৈ আহিছিলো পৰীক্ষকসকলক ৰোল নং লিখি ৰাখিছো ৰিজাল্ট দিয়াৰ পিছত চাম। আজি তাৰ ৰিজাল্ট শ্বীট আৰু ৫ মাহ আগত দিয়া মোৰ আপডেট আগবঢ়ালো। যেতিয়ালৈকে চাকৰিৰ নামত দুৰ্নীতি হ'ব সিমান দিন যোগ্য জনে চাকৰি নাপায়।''

আমিনুল হক নামৰ বিশেষ ভাৱে সক্ষম যুৱকজনে এইদৰেই চৰকাৰী চাকৰিৰ নিযুক্তিত সৃষ্টি হোৱা বিসংগতি তথা দুৰ্নীতিৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তাৎপৰ্যপূৰ্ণ ভাৱে ভিক্টৰ দাসে নিযুক্তি পৰীক্ষাত দুৰ্নীতি তথা বিসংগতিৰ অভিযোগ উত্থাপনৰ পিছতেই এতিয়া ৰাজ্যত ধাৰাবাহিক ভাৱে উত্থাপিত হৈছে নিযুক্তিৰ কেলংকাৰীৰ তথ্য।

অসম আৰক্ষীয়েও জলসিঞ্চন বিভাগৰ নিযুক্তিৰ বজাৰ মেলাৰ অভিযোগেৰে কেইবাজনো লোকক আটক কৰিছে। সমান্তৰালকৈ ভৱেশ কলিতাৰ বিৰুদ্ধেও উত্থাপিত হৈছে এনে দুৰ্নীতিৰ অভিযোগ। ৩ লাখ টকাৰ বিনিময়ত জলসিঞ্চন বিভাগৰ চাকৰি বিক্ৰী কৰিবলৈ নিজ সমষ্টিৰে যুৱতীলৈ ফোন কৰা বুলি মুকলি অভিযোগ উত্থাপন হৈছে।

এনে সময়তে আমিনুল হকৰ এই ফেচবুক পোষ্টে এতিয়া ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে। আমিনুল হকে পৰীক্ষা দি উঠাৰ পিছতেই উকা বহী জমা দিয়াৰ বিষয়ত এক ফেচবুক পোষ্ট দিছিল। সেই ফেচবুক পোষ্টত উল্লেখ কৰা যুৱকজনেই এতিয়া চাকৰি পোৱাত আমিনুল হকৰ অভিযোগ যে সত্য সেয়া প্ৰমাণিত হৈছে।

গতিকে এতিয়া প্ৰশ্ন হয়, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই নিযুক্তিৰ কেলেংকাৰী সন্দৰ্ভত কিবা তথ্য থাকিলে আৰক্ষীক অৱগত কৰিবলৈ কোৱাৰ পিছতেই আমিনুলে তথ্য সহকাৰে প্ৰকাশ কৰা এই তথ্যক অনুসৰণ কৰিয়েই কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে? আনহাতে স্বচ্ছ আৰু নিকা নিযুক্তিৰ ঢোল বজোৱা অসম চৰকাৰে এতিয়া আমিনুলৰ তথ্যৰ আধাৰত কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে? নে ভিক্টৰ দাসৰ দৰেই অৱস্থা হ'ব আমিনুলৰো? সেয়াও হ'ব লক্ষণীয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in