টকা লয় ৩ হাজাৰ ৰচিদ দিয়ে ১ হাজাৰৰঃ আৰক্ষী বিষয়াক বদলিৰ দাবী

সন্ত্ৰাসলৈ পৰিণত যান-বাহনৰ নথি-পত্ৰ পৰীক্ষা কৰাৰ অভিযান। গুগল পে'ত ৩হাজাৰ লৈ ৰচিদ দিয়ে ১হাজাৰ টকাৰ...
টকা লয় ৩ হাজাৰ ৰচিদ দিয়ে ১ হাজাৰৰঃ আৰক্ষী বিষয়াক বদলিৰ দাবী
Published on
Updated on

ডিজিটেল সংবাদ, ছয়দুৱাৰঃ কৰ সংগ্ৰহৰ গইনা লৈ যান-বাহনৰ নথি-পত্ৰ পৰীক্ষাৰ নামত হেলেম আৰক্ষীয়ে চলোৱা অভিযান শেহতীয়াভাৱে পৰিণত হৈছে এক গভীৰ সন্ত্ৰাসলৈ। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ উপৰি প্ৰতিটো ভিতৰুৱা অঞ্চলত প্ৰতিদিনে হেলেম আৰক্ষীয়ে চলাই অহা যান-বাহনৰ নথি-পত্ৰ পৰীক্ষাৰ অভিযান হেলেম আৰক্ষীৰ বাবে যেন ধন ঘটাৰ কাৰখানা । যাৰ বাবে এতিয়া হেলেম আৰক্ষীৰ সন্ত্ৰাস আৰু অত্যাচাৰত অতিষ্ঠ হৈ পৰিছে অঞ্চলটোৰ ৰাইজ আৰু যান-বাহনৰ গৰাকী । ইপিনে যান-বাহনৰ নথি-পত্ৰ পৰীক্ষাৰ সুযোগ লৈ প্ৰতিদিনে মোটা অংকৰ ধন ঘটি অহা (ৰছিদৰ বাহিৰে) হেলেম আৰক্ষীয়ে অঞ্চলটোত অব্যাহত থকা চুৰিকাণ্ড ৰোধ কৰাত চূড়ান্ত ভাৱে ব্যৰ্থ হোৱাৰ অভিযোগ স্থানীয়ৰ।

হেলেম আৰক্ষীৰ নিধিৰাম চৰ্দাৰৰূপী ভূমিকাৰ বাবে হেলেম আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত দিনক দিনে বৃদ্ধি পোৱা চোৰৰ উপদ্ৰৱে এতিয়া টোপনি হৰিছে হেলেম অঞ্চলৰ ৰাইজৰ। অঞ্চলটোত অব্যাহত থকা গৰু, ছাগলী, দোকান, নামঘৰ আদিৰ চুৰি ঘটনাৰ বিৰুদ্ধে কোনো ধৰণৰ শক্তিশালী পদক্ষেপ নাই হেলেম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰুদ্ৰকান্ত বৰাৰ। হেলেম আৰক্ষী থানাৰ এলেকাত অব্যাহত থকা চুৰি কাণ্ডৰে জড়িত এজনো চোৰক এতিয়ালৈকে ধৰিব নোৱাৰা আৰক্ষী বিষয়া ৰুদ্ৰকান্ত বৰাই কেৱল যান বাহনৰ নথি পত্ৰ পৰীক্ষা কৰাৰ অভিযানটোকহে বিশেষভাৱে গুৰুত্ব দি অপৰাধ নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাৰ অভিযোগ।

কেৱল যান-বাহনৰ নথি-পত্ৰ পৰীক্ষা কৰাৰ নামত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নিজৰ অস্তিত্ব জাহিৰ কৰি অহা হেলেম আৰক্ষীয়ে গভাইত চুৰি চক্ৰৰ বিৰুদ্ধে কোনোধৰণৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰা কাৰ্যই মুখ্যমন্ত্ৰীৰ স্মাৰ্ট আৰক্ষীৰ ফোপোলা স্বৰূপটো বাৰুকৈয়ে উন্মোচিত কৰিছে । উল্লেখযোগ্য যে, হেলেম আৰক্ষী থানাৰ এলেকাত সংঘটিত হৈ অহা এই চুৰি কাৰ্যৰ বাবে এতিয়া উজাগৰী নিশা পাৰ কৰিব লগীয়া হৈছে বহু লোকে। যান-বাহনৰ নথি পৰীক্ষাৰ নামত সাধাৰণ ৰাইজক প্ৰতিদিনে টেঁটু চেপি অহা হেলেম আৰক্ষীয়ে কেনেদৰে চূড়ান্ত কেলেংকাৰী সংঘটিত কৰি আহিছে তাৰ একাধিক অভিযোগ পোহৰলৈ আহিছে । আৰক্ষী বিষয়া ৰুদ্ৰকান্ত বৰাই নিয়োগ কৰা আৰক্ষীৰ তহলদাৰী গোটে যান-বাহনৰ নথি-পত্ৰ আপ টু ডেট নথকা চালকৰ পৰা কেনেদৰে ধন সংগ্ৰহ কৰি আহিছে সেই অভিযোগ শুনিলে সকলোৰে চকু কঁপালত উঠিব।

জানিব পৰা মতে, টকৌবাৰীৰ পৰা আইতা চেণ্টাৰ পথ সংযোগী গড়কাপ্তানি পথটোৰ ৰে'লৱে ক্ৰছিঙৰ ওচৰত যোৱা ২০ ছেপ্টেম্বৰৰ আবেলি যান-বাহনৰ নথি-পত্ৰ পৰীক্ষা কৰি আছিল হেলেম আৰক্ষীৰ এটা দলে। সেই সময়ত কাউৰীপথাৰ দিশৰ পৰা টকৌবাৰীলৈ লোৰ পাইপ কঢ়িয়াই অনা বলেৰ পিক-আপ ভানখনক আৰক্ষীৰ দলটোৱে ৰ'বলৈ নিৰ্দেশ দিয়াত চালকজনে গাড়ীখন ৰখায়। বলেৰ পিক-আপ গাড়ীখনৰ নথি-পত্ৰ আট টু ডেট নথকাত দুহেজাৰ টকাৰ জৰিমনা বিচাৰে আৰক্ষীৰ দলটোৱে। সেই অনুসৰি কৰ্তৃপক্ষই আৰক্ষীৰ দলটোৰ এজনক গুগল পে কৰি দুহেজাৰ টকা জৰিমনাৰ ধন আদায় দিয়ে। কিন্তু আচৰিত কথা এয়ে যে- কৰ্তব্যৰত আৰক্ষীয়ে উক্ত দুহেজাৰ টকাৰ বিপৰীতে দুহেজাৰ টকাৰেই চৰকাৰী ৰছিদ দিব লাগে যদিও এহেজাৰ টকাৰহে ৰছিদ দিয়ে বলেৰ খনৰ চালকজনক।

এইক্ষেত্ৰত বলেৰখনৰ চালক আৰু মালিকে এহেজাৰ টকাৰহে ৰছিদ দিয়াৰ সম্পৰ্কত কাৰণ জানিব বিচাৰিছিল যদিও আৰক্ষীৰ দলটোৱে ধমকিৰ সুৰেৰে তৰ্ক নকৰিবলৈহে কয় তেওঁলোকক । সেই একেখন বলেৰ পিক ভানক যোৱা এমাহ পূৰ্বে আইতা চেণ্টাৰৰ সমীপত থকা পকী দলঙৰ ওচৰত ধৰিছিল একেটা আৰক্ষীৰ দলে । উক্ত দিনাও বলেৰখনৰ কৰ্তৃপক্ষৰ পৰা গুগল পে যোগে জৰিমনা বিহাৰ নামত তিনি হাজাৰ টকা আদায় লৈ এহেজাৰ টকাৰহে ৰছিদ দিছিল আৰক্ষীৰ দলটোৱে।

এইটো মাত্ৰ দুটা উদাহৰণহে । অপৰাধ নিয়ন্ত্ৰণত চূড়ান্ত ভাৱে ব্যৰ্থ হোৱা হেলেম আৰক্ষী থানাই এই অসৎ পদ্ধতিৰে দৈনিক হাজাৰ হাজাৰ টকা সংগ্ৰহ কৰি পকেট গৰম কৰি আহিছে। এক অৰ্থত যান-বাহনৰ নথি-পত্ৰ পৰীক্ষা কৰাৰ নামত এতিয়া দিন ডকাইতলৈ পৰিণত হৈছে হেলেম আৰক্ষী । হেলেম আৰক্ষীৰ এই অসৎ কাৰ্যৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানলৈ পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভুক্তভোগী ৰাইজে । অভিযোগ অনুসৰি- স্থানীয় বহু ট্ৰেক্টৰ, টাটা মবাইল, টাটা এচি আৰু বলেৰ পিক আপ ভানে মাহেকীয়া হিচাপত মাননী দিব লাগে হেলেম আৰক্ষীক।ইপিনে যান বাহনৰ নথি পত্ৰ পৰীক্ষা কৰাৰ সময়ত হেলেম আৰক্ষীৰ কৰ্তব্যৰত বিষয়াই কৰি অহা অৰ্মাজিত আচৰণ, অশ্লীল মাত-কথা আৰু ব্যৱহাৰেও সীমা চেৰাই যোৱা পৰিলক্ষিত হৈছে।

টকা লয় ৩ হাজাৰ ৰচিদ দিয়ে ১ হাজাৰৰঃ আৰক্ষী বিষয়াক বদলিৰ দাবী
দেৰগাঁৱত ভয়ংকৰ অগ্নিকাণ্ডঃ জীৱন্তে অগ্নিদগ্ধ এগৰাকী মহিলা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in