নাট্যকাৰ তথা গীতিকাৰ হেমন্ত দত্তৰ ওপজা দিন...

এই আকাশ বৰ বিশাল, শুন হেৰ ৰূপহী বিজুলী, জীৱনটো হ'ল অসাৰ, নহ'লে পৰিচয় হিয়াৰে আদি অলেখ গীতৰ স্ৰষ্টা হেমন্ত দত্ত
hemanta dutta's birthday
hemanta dutta's birthday
Published on
Updated on

প্ৰতিদিন ডিজিটেল সংবাদ,‌ মঙলদৈ : ভ্ৰাম্যমাণ নাট্য জগতক নতুন গতি দিয়া নাট্যকাৰ তথা গীতিকাৰ হেমন্ত দত্তৰ শনিবাৰে ৮০ সংখ্যক ওপজাদিন ৷ এই আকাশ বৰ বিশাল, শুন হেৰ ৰূপহী বিজুলী, জীৱনটো হ'ল অসাৰ, নহ'লে পৰিচয় হিয়াৰে আদি অলেখ গীতৰ স্ৰষ্টা হেমন্ত দত্ত ৷

ভ্ৰাম্যমাণৰ আধুনিক নাটকৰ অনন্য ৰূপ দিয়া নাট্যকাৰ ভিতৰত হেমন্ত দত্ত অন্যতম ৷“ফাচি কাঠত ৰাজখোৱা”, “টাইটানিক” আদিকে ধৰি প্ৰায় ১০০খন নাটকৰ স্ৰষ্টা হ’ল হেমন্ত দত্ত ৷ তেওঁ এতিয়া ৰোগাক্ৰান্ত ৷

বৰ্তমান “সোনৰ পানী” নামৰ পুৰণি দৰং জিলাক লৈ এখন উপন্যাস লিখাত ব্যস্ত আজন্ম শিল্পী গৰাকী ৷ আশি উৰ্ধৰ শিল্পী গৰাকীৰ জন্মদিনত বিভিন্ন জনে জনালে অলেখ শুভকামনা ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in