ডিজিটেল ডেস্ক : অসমীয়া জাতিৰ সৌধ নিৰ্মাতা, ভাষা-সাহিত্যৰ কাণ্ডাৰী, হেমকোষৰ স্ৰষ্টা ওজা হেমচন্দ্ৰ বৰুৱাৰ জন্মজয়ন্তী উপলক্ষে গুৱাহাটীৰ বামুণীমৈদামস্থিত ওজা হেমচন্দ্ৰ বৰুৱা বিদ্যামন্দিৰত তেখেতক স্মৰণ কৰা হয়।
ভাষা সাহিত্যৰ ওখ দৌল বান্ধি জাতিটোৰ প্ৰাণ প্ৰতিষ্ঠা কৰা মহান অসমীয়া গৰাকীক সোঁৱৰণ কৰে শিক্ষা অনুষ্ঠানখনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰা-ছাত্ৰী তথা বিদ্যালয়ৰ পৰিচালনা সমিতিৰ কৰ্মকৰ্তা সকলে।
জন্মজয়ন্তী উপলক্ষে বিদ্যামন্দিত অনুষ্ঠিত অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসমীয়া প্ৰতিদিন কাকতৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকা। ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ কৰ্ম-আদৰ্শক স্মৰণ কৰাৰ সমান্তৰালকৈ শিক্ষাৰ্থী সকলৰ মাজত গীত-নৃত্যৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
কুসংস্কাৰ-অন্ধ বিশ্বাসৰ বিৰুদ্ধে যুঁজ দি যোৱা মহান ব্যক্তিগৰাকীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে অসমীয়া প্ৰতিদিন কাকতৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকাই। লগতে বিদ্যালয়ৰ কৰ্তৃপক্ষই ভাষাৰ ওজা গৰাকীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে।
বিশিষ্ট অতিথিৰ ভাষণত ধৈৰ্য হাজৰিকাই ভাষাৰ ওজাৰ সাম্প্ৰতিক সময়ত তেওঁৰ আদৰ্শৰ প্ৰাসংগিকতাৰ কথা উল্লেখ কৰে। ইয়াৰ সমান্তৰালকৈ তেওঁ আগবঢ়াই যোৱা অৱদান, অন্ধবিশ্বাস তথা কুসংস্কাৰৰ বিৰুদ্ধে ঘোষণা কৰা যুদ্ধৰ প্ৰাসংগিকতা আজিও আছে।
লগতে তেওঁ উল্লেখ কৰে যে, এই যুদ্ধ নৱপ্ৰজন্মই আগুৱাই নিব লাগিব। সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী তথা প্ৰতিদিন কাকতৰ মুখ্য সম্পাদক জয়ন্ত বৰুৱাৰ এই অনুষ্ঠানত ভাগ লোৱাৰ কথা আছিল যদিও বিশেষ অসুবিধাৰ বাবে উপস্থিত থাকিব নোৱাৰিলে। এই কথা জনায় বিশিষ্ট অতিথি ধৈৰ্য হাজৰিকাই।
ভাষণ প্ৰসংগত হাজৰিকাই কয় - সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী তথা প্ৰতিদিন কাকতৰ মুখ্য সম্পাদক জয়ন্ত বৰুৱাৰ পিতৃ, হেমকোষপ্ৰাণ দেৱানন্দ বৰুৱাই এই বিদ্যালয়খনৰ শ্ৰীবৃদ্ধিৰ বাবে আহোপুৰুষাৰ্থ কৰিছিল। পিতৃৰ অবৰ্তমানত বিদ্যালয়খনৰ কাম-কাজ চোৱা-চিতা কৰাৰ লগতে বিদ্যালয়খন ঠন ধৰি নুঠা পৰ্যন্ত জয়ন্ত বৰুৱাই সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াই যোৱাৰ আশ্বাস প্ৰদান কৰিছে।
আৰু পঢ়ক : নাওজানত অন্ধবিশ্বাস আৰু কু-সংস্কাৰ বিৰোধী দিৱস পালন...