মৃদুল কুমাৰ সন্দিকৈ
২০১৯ৰ এদিন পুৱাই তেখেতলৈ ফোন কৰিছিলো। ফোনটো নুঠালে। কিন্তু কল বেক কৰিলে কেইঘণ্টামানৰ পাছত। পৰিচয় দি তেখেতক ক'লো- এবাৰ তেওঁক লগ পাব বিচাৰিছো। ফোন নম্বৰটো পুৱাই সুপ্ৰকাশ তালুকদাৰৰ পৰা লৈ তেখেতক যোগাযোগ কৰিছিলো।
'আহিবা। ২ বজাৰ আগতে পোৱাকৈ আহিবা। ৩ বজাত মই ওলাই যাম। এখন মিটিং আছে।'- তেওঁ সন্মতি দিছিল লগ পাবলৈ। চাৰিবাৰকৈ অসম বিধানসভালৈ নিৰ্বাচিত হোৱা এজন বিধায়ক। নিঃসন্দেহে বহুতে ভাবিব মহানগৰীত তেওঁৰ ছাগৈ বিৰাট অট্টালিকা আছে।
গুৱাহাটীৰ হেঙেৰাবাৰীৰ হাউছিং কলনীৰ এটা ঘৰ। নামঘৰটোৰ কাষেৰে হাউছিং কলনীৰ এটা গলি সোমাই গৈছে। সেই গলিটোৰে একেবাৰে শেষত এটা কেইবা মহলীয়া হাউছিঙৰ ঘৰ। এল আই জি নম্বৰ ৫ৰ ওপৰৰ এটা সৰু ঘৰত থাকে তেওঁ।
এই হাউছিঙৰ ঘৰটোৰ তলৰ এটা ফ্লেটত পূৰ্বতে আছিল অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী ৰমণী বৰ্মন আৰু তাৰ ওপৰত থাকে চাৰিবাৰকৈ সৰভোগ সমষ্টিক প্ৰতিনিধিত্ব কৰা অসমৰ এজন স্বনামধন্য ৰাজনীতিবিদ।
দুৱাৰখন খোলাই আছিল। কলিং বেলটো টিপিব লগা নহ'ল। তেৱেঁই ওলাই আহিল। 'আহা'- তেওঁ মাতি নিলে ভিতৰলৈ। এখন লুঙি আৰু এটা গেঞ্জী পৰিধান কৰি আছিল তেওঁ। সৰু ড্ৰয়িং ৰূমটোলৈ চকু ফুৰালোঁ। চাৰিওফালে কিতাপ। কাঠৰ পুৰণি ছোফাখনত তেওঁ বহিল।
মোৰ সৈতে বহাৰ আগতে তেওঁ ভিতৰলৈ গৈ বগা ছাৰ্টটো পিন্ধি আহিল। তাৰপাছত তেওঁৰ বিষয়ে কিছু কথা জানিব বিচাৰি ইটোৰ পাছত সিটো প্ৰশ্ন কৰিলো। ১৯৭৮চনৰ পৰা ২০০১চনলৈকে চাৰিবাৰ তেওঁ অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল।
ৰাজনীতিত তেওঁ কিয় ভৰি দিলে? এসময়ত তেওঁ শিক্ষক আছিল। কেইবাখনো চৰকাৰী স্কুলৰ শিক্ষক ৰূপে তেওঁ কৰ্মজীৱনৰ পাতনি মেলিছিল। মিৰ্জাৰ বেছিক ট্ৰেইনিং চেন্টাৰৰো শিক্ষক আছিল। শেষলৈ তেওঁ সৰভোগৰ কমাৰগাঁৱত এখন বিদ্যালয় স্থাপন কৰি প্ৰধান শিক্ষকৰ দায়িত্ব লৈছিল।
সেয়া আছিল ১৯৬২ চনৰে কথা। ১৯৫৭ চনত তেওঁ স্নাতক ডিগ্ৰী লৈছিল। ছাত্ৰ অৱস্থাৰ পৰাই আছিল তেওঁ ৰাজনীতিৰ প্ৰতি আকৰ্ষিত। চীন-ভাৰতৰ যুদ্ধৰ পাছত দেশত দেখা দিছিল খাদ্য সংকটে। তেওঁ শিক্ষকতা কৰা বিদ্যালয়খনলৈ পানী খাই আহিছিল ছাত্ৰ-ছাত্ৰী। এইবোৰ কথাই তেওঁৰ মনত ৰেখাপাত কৰিছিল।
মাক্সবাদী আদৰ্শৰ দ্বাৰা তেওঁ আকৰ্ষিত হৈ ১৯৬৭চনত সৰ্বহাৰা, কৃষক, শ্ৰমিকৰ হকে মাত মাতিবলৈ ৰাজনীতিৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ পৰে। শিক্ষকতা বাদ দি তেওঁ যোগদান কৰে ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাক্সবাদী)ত।
দলটোৰ এজন সৰ্বক্ষণ কৰ্মী হিচাপে কৃষকসকলক সংগঠিত কৰাৰ বাবে তেওঁ বিশেষভাৱে আত্মনিয়োগ কৰিছিল। সমান্তৰালভাৱে চলিছিল তেওঁৰ কলম। ১৯৪২চনৰ ভাৰতীয় আন্দোলনৰ পটভূমিত লিখি উলিয়াইছিল এখন উপন্যাস। নাম আছিল 'বেকীৰ পাৰৰ জুই'।
সেই আন্দোলনত প্ৰথম থানা জ্বলাইছিল সৰভোগতে। ইতিমধ্যে এই গ্ৰন্থৰ লগতে ৫খনকৈ গ্ৰন্থ তেওঁ ৰচনা কৰিছে। সেইকেইখন ক্ৰমে- 'কেইটিমান নিশাৰ কবিতা', 'অসমৰ কমিউনিষ্ট আন্দোলনৰ চমু ইতিহাস', 'অসমত কৃষক আন্দোলন এক চমু আভাস' আৰু 'নানা লেখা'।
বয়স তেওঁৰ কিমান হৈছে। তেওঁৰ সক্ৰিয়তা দেখিলে বয়সৰ কথা অনুমানেই কৰিব নোৱাৰি। ১৯৩১চনত তেওঁৰ জন্ম। সৰভোগ থানাৰ সমীপৰ অন্তৰ্গত ধৰ্মপুৰত জন্ম হৈছিল তেওঁৰ। জন্মভূমি গাঁওখন গৰাখহনীয়াত হেৰাই গ'ল।
১৯৭৮চনত তেওঁ প্ৰথম সৰভোগ সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল অসম বিধানসভালৈ। কংগ্ৰেছৰ প্ৰণীতা তালুকদাৰক বিশাল ভোটৰ ব্যৱধাত পৰাস্ত কৰিছিল। তাৰপাছত '৮৩, '৮৫, '৯৬ৰ নিৰ্বাচনত অসম বিধানসভালৈ সৰভোগৰ পৰা নিৰ্বাচিত হৈছিল এইজন প্ৰবীন ৰাজনীতিবিদ।
হেমেন দাস। অসমৰ ৰাজনীতিত এতিয়া তেওঁ পিতামহ ভীষ্মৰ দৰে। সেই দিনবোৰৰ কথা সুঁৱৰি তেওঁ ক'লে- '৮৩ত আমি অসম বিধানসভাত ৮জনত বিধায়ক আছিলো। এই ৮জনেই আমি কঁপাই আছিলো বিধানসভা। তেতিয়া বিধানসভালৈ পিটিচিৰ পৰা নিৰ্বাচিত হৈছিল বিনয় খাংগু বসুমতাৰী।
এবাৰ আমাৰ দাবীত এখন বিধেয়কক লৈ ৰাতি ১০ বজালৈকে বিধানসভা চলাব লগা হৈছিল। সেই মূল্যবোধৰ ৰাজনীতি এতিয়া নাই। তেওঁৰ মতে শাসক-বিৰোধী সকলো বিধায়ক এতিয়া প্ৰায় একেই। ৰাজনীতিক এতিয়া সেৱা বুলি কোনেও নলয়।
প্ৰসংগক্ৰমে তেওঁ কৈছিল- আমি বিধায়ক হওঁতে দৰমহা পাইছিলো এহাজাৰ টকা। সমষ্টি উন্নয়নৰ বাবে পাইছিলো ২ লাখ টকাকৈ। তেতিয়াই সৰভোগত বনোৱা ৰাস্তা আজিও অক্ষত আছে। পিছ দিছে সেই ৰাস্তা। আচলতে কাম কৰিবলৈ আন্তৰিকতা আৰু সততা লাগে। ২০০১ চনত মই বিধায়ক ৰূপে দায়িত্ব শেষ কৰিছিলো। তাৰ আগতে এটা পুল বনাইছিলো। সম্ভৱ ভাৰততো এনে পুল নাই। ৯০টা পুলেৰে উজান বাঁহবাৰী গাঁৱত সম্ভৱ ১৯৯৮-৯৯ চনত এই পুল গাঁৱৰ ৰাইজৰ দ্বাৰাই বনোৱা হৈছিল।
৯০টা পুলেৰে এই পুল নিৰ্মাণ কৰাৰ বাবে ৰাইজে নাম দিছিল নব্বৈ পুল। এতিয়াও আছে সেই পুল। কাষতে এখন আৰ চি চি পকী দলং বনালে। কিন্তু পুলটোও আছে। গড়কাপ্তানী বিভাগক এই পুলটো বনাবলৈ অনুৰোধ কৰোতে ২০ লাখ মান টকা লাগিব বুলি ক'লে। আমি ৰাইজেৰে মিলি ৮ লাখতেই এই কাম কৰিলো।'
হেমেন দাসে লগতে কৈছিল- 'এতিয়া কোনোবাই চাওঁ বুলি ক'লে মই সেইবোৰ কাম দেখুৱাব পাৰো। আজিকালি বিধায়কে ১ কোটিকৈ টকা পায়। ইচ্ছা কৰিলে সেই ফাণ্ডৰ পৰাই বহু কাম কৰিব পাৰে। কিন্তু কমিছন ৰাজৰ অংকই সমীকৰণ খেলিমেলি লগাই এতিয়া।'
এয়া তেওঁ কোনো নিৰ্দিষ্ট জনপ্ৰতিনিধিৰ বিৰুদ্ধে অভিযোগ নাছিল। ৰাজনীতি আৰু সাম্প্ৰতিক সময়ৰ প্ৰেক্ষাপটক লৈ কৰা এক টিপ্পনী। শৰৎ সিংহ, গোলাপ বৰবৰা, বিষ্ণুৰাম মেধি, প্ৰফুল্ল কুমাৰ মহন্ত আদিকে ধৰি মুঠ ৬জন মুখ্যমন্ত্ৰীক তেওঁ লগ পাইছিল।
'হিতেশ্বৰ শইকীয়া কামৰ মানুহ আছিল। ৰাজনৈতিক মত পাৰ্থক্য থাকিব পাৰে, কিন্তু তেওঁ কিবা এটা ক'লে গুৰুত্ব দিছিল। এবাৰ মই তেওঁক কৈছিলো- গাঁৱত থকা চৰকাৰী বিদ্যালয়সমূহৰ অৱস্থা বেয়া। চৰকাৰী ধনেৰে সেইবোৰ ভাল কৰিবলৈ আৱেদন দিলে ৪হাজাৰ মান টকাহে দিয়ে। এই ক্ষেত্ৰত ব্যৱস্থা ল'বলৈ তেওঁক অনুৰোধ কৰাত কেবিনেট পাতি চৰকাৰী অনুদানেৰে প্ৰতিখন গাঁওসভাত দুখনকৈ বিদ্যালয় নিৰ্মাণৰ সিদ্ধান্ত লৈছিল। ফোনযোগে তেওঁ এই কথা মোক জানিবলৈও দিছিল।'
হেমেন দাসৰ ৰাজনৈতিক জীৱনৰ কিছু সৰু সৰু কথা। তেওঁৰ মতে কাম কৰিব বিচাৰিলে এতিয়া ধনৰ অভাৱ নাই। এতিয়া অফুৰন্ত ধন। '৭৮ত এহাজাৰ টকা দৰমহা পোৱা হেমেন দাসে শেষৰবাৰ বিধায়ক হওঁতে দৰমহা ৰূপে পাইছিল ৮২০০ টকা।
'মই শেষৰ দৰমহা পাইছিলো ৮২০০ টকা। এতিয়া মই পেঞ্চনেই পাওঁ প্ৰায় ৫২ হাজাৰ টকা। ২০ হাজাৰ টকা চিকিৎসাৰ বাবদ। টকা মোক নালাগে। ৰাইজৰ কামতেই সেইবোৰ ব্যয় কৰো। দুই এখন কিতাপ লিখি যি টকা পাওঁ সেয়া দলৰ পুঁজিলৈ আগবঢ়াওঁ।'- অতি সৰলতাৰে তেওঁ কথাবোৰ কৈ গৈছিল।
বয়স আপোনাৰ যথেষ্ট হৈছে। ভাগৰ নালাগেনে? ৰাজনীতিৰ পৰা অৱসৰ কেতিয়া ল'ব? শেহতীয়াকৈ বানপানীৰ সময়ত দেখিলো আপুনি বানাক্ৰান্তৰ খবৰ ল'বলৈ গৈছিল। বৰ্ষীয়ান ৰাজনীতিবিদ গৰাকীয়ে ক'লে- ৰাজনীতি মই এৰিব নোৱাৰো। মৰালৈকে ৰাজনীতি কৰি যাম। আৰ্তজনৰ কাষলৈ গৈ মই ভাল পাওঁ। কলগাছিয়াৰ এখন গাঁৱলৈ গৈছিলো অলপতে। পথটো বানে ছিঙিলে। বানাক্ৰান্ত মানুহবোৰৰ মাজত কিছু সাহায্য সামগ্ৰী বিতৰণ কৰি আহিলো দলৰ ফালৰ পৰা। সেইখন ফটোৱে ছাগৈ তুমি দেখিছা?
বিধায়ক আপুনি হ'ল। মন্ত্ৰী হোৱাৰ কথাও ভবা নাছিলনে?- এই প্ৰশ্নৰ উত্তৰত তেওঁ খুলি হাঁহি এটা মাৰিলে। সেই সৰলতাৰেই ক'লে- 'মন্ত্ৰী হ'বলৈ মই কেতিয়াও বিচৰা নাছিলো। মন্ত্ৰী হোৱাৰ বাবে মোক দুবাৰকৈ প্ৰস্তাৱ দিছিল। কিন্তু মই নহ'লো। মোৰ দলৰ নীতি-আদৰ্শ আছে। সন্মিলিত চৰকাৰত মুষ্টিমেয় কেইজনমান বিধায়কে মন্ত্ৰী সভাত যোগ দিলে তেওঁলোকৰ নীতি মতেই চলিব লাগিব। মোৰ বিবেকে সেয়া কৰিবলৈ নকয় কেতিয়াও।১৯৯৬চনত প্ৰফুল্ল মহন্তৰ চৰকাৰ গঠন হোৱাৰ সময়ত প্ৰমোদ গগৈ বানমন্ত্ৰী হৈছিল। মোকো কৈছিল- দাস আহক। মই সন্মতি নিদিলো। '
সেইবাৰ প্ৰফুল্ল মহন্তৰ চৰকাৰৰ দিনত গুপ্ত হত্যাকে ধৰি বহু অভিযোগ উত্থাপন হৈছিল চৰকাৰখনৰ বিৰুদ্ধে। আপোনালোকে কিন্তু সেই চৰকাৰখনক সমৰ্থন দিছিল। গুপ্তহত্যাৰ বিৰুদ্ধে মাত মাতিছিলনে?- সুধিছিলো হেমেন দাসক। তেওঁ কৈছিল- 'সদনত কাৰ্যক্ৰমনিকাত উল্লেখ আছে। মই ইয়াৰ প্ৰতিবাদ কৰিছিলো সদনত। '
এতিয়া তেওঁৰ বয়স ৮৯ বছৰ। ইমান বয়স হৈছে যেন নালাগে মানুহজনক। ৰাজনীতিত তেওঁ আজিও সক্ৰিয়। ১৯৯৫চনৰ পৰা ২০০৫চনলৈকে তেওঁ চিপিআই(এম)ৰ ৰাজ্যিক সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। মাক্সবাদত বিশ্বাস ৰখা আৰু সাম্যবাদৰ প্ৰেৰণাৰে লিখি গৈছে ৰাজনৈতিক নিবন্ধ।
ৰাজ্যৰ প্ৰতিটো সমস্যাতে তেওঁ আজিও মাত মাতে। ১৯৯৫ৰ পৰা ১৯৯৮চনলৈ তেওঁ আছিল সাপ্তাহিক 'গণশক্তি' কাকতৰ সম্পাদক। অলপতে তেওঁ লিখি শেষ কৰিছে এখন উপন্যাস। ছপাশালত আছে সেই উপন্যাস। গ্ৰন্থমেলাৰ পূৰ্বে প্ৰকাশ পাব সেই উপন্যাসখন। অসমত বিধানসভাত আলু বীজ কেলেংকাৰী, চাউল কেলেংকাৰী সন্দৰ্ভত সক্ৰিয় হোৱা মানুহজনেই আছিল হেমেন দাস।
মহানগৰীত তেওঁৰ ঘৰ-দুৱাৰ বুলিবলৈ হাউছিং বৰ্ডৰ সেই ঘৰটো। ইমান দীৰ্ঘসময় ৰাজনৈতিত থাকিও ১৯৯২চনত সেই ঘৰটো দিছিল হিতেশ্বৰ শইকীয়াই। প্ৰাচুৰ্যতা তেওঁৰ জীৱনত একো নাই। তেওঁ নিবিচাৰে জীৱনটো উপভোগ কৰিবলৈ। ৰাইজৰ মাজত থাকি ৰাইজৰ হৈ কাম কৰাই তেওঁৰ ব্ৰত আৰু লক্ষ্য।
নাগৰিকত্ব সংশোধনী বিধেয়ক, এন আৰ চিক লৈ তেওঁ পূৰ্বৰ স্থিতিত অটল। ভাৰতৰ দৰে ধৰ্মনিৰপেক্ষ দেশখনত কিদৰে নিৰ্দিষ্ট কিছু লোকক নাগৰিকত্ব দিব লৈ চৰকাৰে চিন্তা কৰিছে তাক লৈ তেওঁ উদ্বিগ্ন। উচ্চতম ন্যায়ালয়ে এন আৰ চিক লৈ গ্ৰহণ কৰা স্থিতিত তেওঁ সন্তুষ্ট। কিন্তু তেওঁৰ মতে এখন শুদ্ধ এন আৰ চি ৰাজ্যখনক লাগে।
পৰিয়াল বুলিবলৈ তেওঁ আৰু পত্নী। ৰাজনীতি আৰু সমাজসেৱাতেই তেওঁ নিমগ্ন। বহু অভিজ্ঞতাৰে সমৃদ্ধ তেওঁৰ এই ৰাজনৈতিক জীৱন। জীৱনৰ প্ৰতিও তেওঁৰ আহিছে বহু ভাবুকি। কিন্তু তেওঁক তলাব পৰা নাই নিজৰ স্থিতিৰ পৰা।
ছাত্ৰ জীৱনৰ পৰাই তেওঁ আছিল সামাজিক সমস্যাৰাজীৰ প্ৰতি অতি সচেতন। বিভিন্ন ধৰণে তেওঁ এই সামাজিক আন্দোলনৰ সৈতে জড়িত হৈ পৰিছিল। কৃষকক লুন্ঠন কৰা মহাজনৰ কৰ্মকাণ্ডৰ প্ৰতি তেওঁৰ আছিল তীব্ৰ প্ৰতিবাদ। সৰভোগ সমষ্টিৰ বিধায়ক হ'লেও তেওঁ বিধানসভাত হৈ পৰিছিল ৰাজ্যৰ কৃষক, দৰিদ্ৰ আৰু সামাজিকভাৱে দুৰ্বল শ্ৰেণীৰ কন্ঠস্বৰ।
ক্ষমতাৰ প্ৰতি তেওঁৰ লোভ নাই। ২৪ ঘণ্টাতে দুই-তিনিবাৰকৈ দলত্যাগ কৰা বিধায়কো তেওঁ দেখিছে। এইবোৰ দেখি তেওঁ নিজেই লজ্জিত হয়। আজি বিধায়ক হৰণ বা অপহৰণৰ ঘটনাবোৰে তেওঁক ব্যৰ্থিত কৰে।
সংসদীয় ৰাজনীতিত তেওঁ আজি নাই। কিন্তু ৰাজনীতিত আছে। বয়স, সময়ৰ সোঁতত বহু ৰাজনীতিবিদ হেৰাই যায়। কিন্তু তেওঁ একেই সক্ৰিয়তাৰে কাম কৰি গৈছে। য'ত যেতিয়াই থিয় দিব লাগে, থিয় দিছে। আজিও তেওঁ ৮৯ বছৰ বয়সত হৈ আছে চিৰতৰুণ।
এদিন এই হেমেন দাসৰ বাবেই বহু ৰেডিঅ' শ্ৰোতাই বাতৰি শুনিছিল। বিশেষকৈ বিধানসভা চলি থকা সময়ত কোনো বিষয়ক লৈ বিধায়ক হেমেন দাসেনো কি মন্তব্য কৰিলে সেয়া শুনিবলৈকে বহু শ্ৰোতাই কাণৰ কাষত থৈ দিছিল ৰেডিঅ'।
প্ৰমূল্যবোধৰ ৰাজনীতিত হেমেন দাস কেৱল এটা নাম নহয়। তেওঁ এক সততা আৰু নিষ্ঠাৰ প্ৰতীক। অসম বিধানসভাৰ ইতিহাসত অন্যতম এজন শ্ৰেষ্ঠ বিধায়ক আৰু দুৰ্বল শ্ৰেণীক প্ৰতিনিধিত্ব কৰা এজন সবল প্ৰবক্তা।
বয়সে তেওঁক কোঙা কৰিব পৰা নাই। পূৰ্বৰ দৰেই তেওঁৰ মন সবল আৰু নীতিত অটল। অসমৰ এই বৰ্ষীয়ান ৰাজনীতিবিদগৰাকীয়েও অনুভৱ কৰে- ৰাজনীতি সলনি হ'ল। ক্ষমতাৰ সৈতে টকা-পইচাৰ বিষয়বোৰ জড়িত হৈ পৰিল। নিষ্ঠাৰে ৰাইজৰ হৈ ৰাজনীতিত কাম কৰা মানুহৰহে অভাৱ এতিয়া।
কাৰোবাৰ বাবে হেমেন দা, আন কাৰোবাৰ বাবে তেওঁ ছাৰ। কিন্তু এই সহজ-সৰল মানুহজনৰ প্ৰতিবাদী সত্তা আৰু সততা তেতিয়াৰ দৰে এতিয়াও একেই আছে। বয়স বাঢ়িছে, কিন্তু বয়সে তেওঁক কোঙা কৰিব পৰা নাই। অসমৰ ৰাজনীতিত এক স্থিতপ্ৰজ্ঞ হৈ তেওঁ থিয় হৈ আছে। নীৰৱে সকলো লক্ষ্য কৰি গৈছে।