ডিজিটেল ডেস্কঃ ৰাজ্যৰ ৫ টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। বিশেষকৈ শাসকীয় বিজেপিয়ে উপ-নিৰ্বাচনত কাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা তাক লৈ আলোচনা অব্যাহত আছিল।
শেহতীয়াকৈ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা বিজেপিৰ নিৰ্বাচনী কমিটীৰ বৈঠকতে উপ-নিৰ্বাচনৰ প্ৰাৰ্থীৰ এক পেনেল সাজু কৰি দিল্লীলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজেই এই প্ৰাৰ্থী পেনেল লৈ দিল্লী অভিমুখে ৰাওনা হৈছে।
যিহেতু অসম গণ পৰিষদ আৰু ইউ পি পি এলৰে বিজেপিৰ মিত্ৰতা অক্ষুন্ন আছে আৰু উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া দুটা বিধানসভা সমষ্টি ক্ৰমে বঙাইগাওঁ আৰু ছিদলী সমষ্টি দুয়োটা মিত্ৰদলৰ হাততে এৰি দিছে অগপই। এই দুয়োটাৰ বঙাইগাওঁ ফণীভূষণ চৌধুৰী আৰু ছিদলী জয়ন্ত বসুমতাৰীৰ হাতত আছিল। তেওঁলোক দুয়ো লোকসভালৈ নিৰ্বাচিত হোৱাৰ বাবে এই দুই সমষ্টিত অগপ আৰু ইউ পি পি এলেই প্ৰাৰ্থী প্ৰক্ষেপ কৰিব।
ইয়াৰ বিপৰীতে বিজেপিয়ে বিহালী, ধলাই আৰু চামগুৰি সমষ্টিৰ বাবে প্ৰাৰ্থী পেনেল প্ৰস্তুতি কৰিছে। পূৰ্বে যিদৰে এই সমষ্টি কেইটাক লৈ চৰ্চা চলি আছিল তাৰ বিপৰীত এক ছবিহে প্ৰাৰ্থী পেনেলত দেখিবলৈ পোৱা গৈছে।
তেজপুৰৰ প্ৰাক্তন সাংসদ পল্লৱ লোচন দাসে বিহালী সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিও শেষ মুহূৰ্তত নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্তৰ কথা ৰাহুৱা কৰিছিল। সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমান শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্তৰে পল্লৱ লোচন দাসৰ ৰাজনৈতিক যুঁজখনো উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি বৃদ্ধি পাইছিল।
এনে পৰিস্থিতিতে দেখিবলৈ পোৱা গ’ল ৰাজ্যিক বিজেপিয়ে এই সমষ্টিৰ বাবে দিগন্ত ঘাটোৱাৰ, সুমন শৰ্মা আৰু অসীম কুমাৰ দাসক লৈ ৩ জনীয়া প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰিছে। সেইদৰে ধলাই সমষ্টিত সাংসদ পৰিমল শুক্লবৈদ্যৰ পুত্ৰ উৎপল শুক্লবৈদ্যই পিতৃৰ উত্তৰাধিকাৰী হিচাপে সমষ্টিটোত প্ৰতিদ্বন্দিতা কৰাৰ আগ্ৰহ কৰিছিল যদিও বিজেপিয়ে প্ৰাৰ্থী পেনেলত তেওঁক নাৰাখিলে। তাৰ বিপৰীতে সমষ্টিটোৰ বাবে প্ৰাৰ্থী পেনেলত নাম সন্নিৱিষ্ট হয় অমিয়কান্তি দাস, নিহাৰ ৰঞ্জন দাস আৰু স্বপন শুক্লবৈদ্যৰ।
কংগ্ৰেছৰ শক্তিশালী নেতা ৰকিবুল হুছেইন ধুবুৰী লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হোৱাত চামগুৰি সমষ্টিতো উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব। ৰকিবুল হুছেইনৰ দুৰ্গ এই সমষ্টিৰ বাবে বিজেপিয়ে ৰাজ্যিক সাধাৰণ সম্পাদক দীপ্লুৰঞ্জন শৰ্মা আৰু মহেন্দ্ৰ কোঁৱৰৰ নাম প্ৰাৰ্থী পেনেলত প্ৰেৰণ কৰিছে। এতিয়া লক্ষ্যণীয় হ’ব এই তিনিওটা সমষ্টিত কোনো কোনে প্ৰাৰ্থীত্ব লাভ কৰে।
Also Read: অভিনেতা অতুল পৰ্চুৰেও গ'লগৈ...