ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱা থানৰ পৰা ৮ কিলমিটাৰ ব্যসাৰ্দ্ধৰ ভূমি থলুৱা লোকৰ বাদে অন্য কোনো লোকে কিনিব নোৱাৰিব। আমি বটদ্ৰৱা থান খনিৰ অবৈধ বেদখলকাৰীৰ পৰা ৰক্ষা কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিব বিচাৰিছো- এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
তেওঁ কয় যে, বটদ্ৰৱা থান হেৰিটেজ ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিব বিচাৰিছো। আকাশীগংগাৰ পাৰত ২০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হৈ থকা বটদ্ৰৱা প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ মুকলি অহা ফেব্ৰুৱাৰী মাহত কৰা হ'ব। প্ৰকল্প উদ্বোধন কৰিবৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীক আমি আমন্ত্ৰণ জনাম। আনহাতে বটদ্ৰৱা থানৰ পৰা গুৰুজনাৰ স্মৃতি বিজড়িত স্থান সমূহ দৰ্শন কৰি মহাপ্ৰয়াণৰ স্থান মধুপুৰ সত্ৰলৈ বাছেৰে যাব পাৰিব। গুৰুজনাৰ স্মৃতি বিজড়িত ২১ টি স্থানত ২১ টি অভিলাষী প্ৰকল্প নিৰ্মাণ কৰা হ'ব।
উল্লেখ্য যে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱা থানৰ জাাপি বাটচ'ৰাৰ দিশেৰে থকা প্ৰৱেশদ্বাৰ, প্ৰৱেশ পথ, সত্ৰাধিকাৰ চৰা, কাৰ্যালয়, প্ৰশাসনীয় ভৱন, সভাগৃহ, দামোদৰ আতা যাত্ৰী নিৱাস আদি কৰি কেইবাটাও নৱনিৰ্মিত কামৰ দ্বাৰ দেওবাৰে মুকলি কৰে মুখ্যমন্ত্ৰীয়ে। ২০২২ চনৰ ১৬ জানুৱাৰীত মুখ্যমন্ত্ৰীয়ে বটদ্ৰৱাত এক কাৰ্যসূচীত অংশ গ্ৰহণ কৰি সেইদিনাই মুখ্যমন্ত্ৰীয়ে ভকত বৈষ্ণৱক সম্বোধন কৰি পুনৰ বটদ্ৰৱা থানৰ উন্নয়নৰ বাবে প্ৰায় ২২ কোটি টকা ঘোষণা কৰিছিল।
উক্ত ধনৰাশিৰে বটদ্ৰৱা থানৰ জাাপি বাটচ'ৰাৰ দিশেৰে থকা প্ৰবেশদ্বাৰ, প্ৰবেশ পথ, কাৰ্যালয়, প্ৰশাসনীয় ভৱন, সভাগৃহ, দামোদৰ আতা যাত্ৰী নিৱাস আদি কেইবাটাও উন্নয়নমূলক কাম লোকনিৰ্মাণ বিভাগৰ দ্বাৰা বিগত ১৭ মাহত সম্পূৰ্ণ হোৱাৰ পাছত আজি মুখ্যমন্ত্ৰীয়ে মুকলি কৰে। ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰৰ আই খেৰসূতী সাংস্কৃতিক মঞ্চত অনুষ্ঠিত মহাপুৰুষ শংকৰদেৱৰ ৫৭৫ সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰি ভকত বৈষ্ণৱক উদেশ্যি ভাষন প্ৰদান কৰে। লগতে মুখ্যমন্ত্ৰীয়ে ২০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হৈ থকা বটদ্ৰৱা প্ৰকল্পৰ কাম পৰিদৰ্শন কৰে।
Also Read: প্ৰথম দিনাই ৫টা পদকেৰে 'এছিয়ান গেমছ-২০২৩'ত উজলিছে ভাৰতীয় খেলুৱৈ