মুখ্যমন্ত্ৰীৰ ভাষ্য- 'বিধানসভাৰ উপ-নিৰ্বাচনৰ সন্দৰ্ভত বিজেপিত হোৱা নাই আলোচনা'

উপ-নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতহে চূড়ান্ত কৰিব প্ৰাৰ্থী তালিকা
মুখ্যমন্ত্ৰীৰ ভাষ্য- 'বিধানসভাৰ উপ-নিৰ্বাচনৰ সন্দৰ্ভত বিজেপিত হোৱা নাই আলোচনা'
মুখ্যমন্ত্ৰীৰ ভাষ্য- 'বিধানসভাৰ উপ-নিৰ্বাচনৰ সন্দৰ্ভত বিজেপিত হোৱা নাই আলোচনা'
Published on
Updated on

ডিজিটেল ডেস্কঃ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই উপ-নিৰ্বাচন সন্দৰ্ভত সোমবাৰে কৰা মন্তব্যৰ আজি সম্পূৰ্ণ বিপৰীত মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ ৫ টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন সন্দৰ্ভত সাংবাদিকে আজি তেওঁক প্ৰশ্ন কৰাত বিজেপি দলৰ ভিতৰত বিধানসভাৰ উপ-নিৰ্বাচন সন্দৰ্ভত কোনো কথাই আলোচনা কৰা হোৱা নাই বুলি মন্তব্য কৰিছে।

তেওঁ সাংবাদিকৰ আগত কয়, ''প্ৰথম উপ-নিৰ্বাচন ঘোষণা হ'ব লাগিব। ধৰি ল'লো নিৰ্বাচন আয়োগে উপ-নিৰ্বাচন অনুষ্ঠিত নকৰোঁ বুলিয়েই ক'লে, তেতিয়া কি হ'ব?''

ড০ শৰ্মাই কয়, ''অহা ২০ আগষ্টত উপ-নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকা ওলাব। ভোটাৰ তালিকা ওলোৱাৰ পাছত নিৰ্বাচন আয়োগে নিৰ্বাচন ঘোষণা কৰিব। তাৰ পিছতহে বিজেপিয়ে প্ৰাৰ্থী দিব।''

এতিয়ালৈকে বিজেপিত উপ-নিৰ্বাচনৰ প্ৰাৰ্থীৰ সন্দৰ্ভত কোনো কথাই আলোচনা হোৱা নাই বুলি উল্লেখ কৰি ড০ শৰ্মাই কয়, ''উপ-নিৰ্বাচনৰ প্ৰাৰ্থীৰ সন্দৰ্ভত কোনো কথা আলোচনা হোৱা নাই। যোৱা কালি মাত্ৰ ৰাজ্যসভাৰ আসন দুখনৰ কাৰণে যি, পেনেল সেই পেনেলহে আমি কেন্দ্ৰীয় নেতৃত্বক দিছোঁ।''

উপ-নিৰ্বাচন সন্দৰ্ভত বিজেপিৰ ভিতৰত হোৱা আলোচনাৰ বিষয়ে প্ৰকাশিত খবৰক তেওঁ সংবাদ মাধ্যমৰ খবৰ বুলিও কয়। তেওঁ বিজেপিৰ ভিতৰত হোৱা আলোচনা সংবাদ মাধ্যমৰ পৰাহে শুনে বুলিও কয়।

মন কৰিবলগীয়া যে, মুখ্যমন্ত্ৰী ড০ শৰ্মাই বিধানসভাৰ ৫ টা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থীৰ সন্দৰ্ভত কোনো কথা আলোচনা কৰা নাই বুলি কৈছে যদিও বিজেপিৰ সভাপতি ভৱেশ কলিতাই সোমবাৰে বঙাইগাওঁ আৰু ছিদলী সমষ্টিত মিত্ৰ দলে প্ৰতিদ্বন্দিতা কৰিব বুলি কৈ বাকী তিনিওটা সমষ্টিত বিজেপিয়ে প্ৰতিদ্বন্দিতা কৰিব বুলি কৈছিল।

তাৰোপৰি তেওঁ চামগুৰি সমষ্টিত বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শৰ্মাই আগ্ৰহ প্ৰকাশ কৰিছে আৰু তেওঁৰ নাম বিবেচনাত ৰাখিছে বুলিও স্পষ্টকৈ উল্লেখ কৰিছিল। তাৰোপৰি বিধানসভাৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থীৰ সন্দৰ্ভত জিলা সমিতি সমূহৰো প্ৰস্তাৱৰ কথা উল্লেখ কৰিছিল।

উল্লেখ্য যে, ৰাজ্যৰ ৫ টা বিধানসভা সমষ্টি বঙাইগাওঁ, ছিদলী, চামগুৰি, বিহালী আৰু ধলাই বিধান সভা সমষ্টিৰ পাঁচোজন বিধায়ক ক্ৰমে ফণীভূষণ চৌধুৰী, জয়ন্ত বসুমতাৰী, ৰকিবুল হুছেইন, ৰঞ্জিত দত্ত আৰু পৰিমল শুক্ল বৈদ্য লোকসভা নিৰ্বাচনত সাংসদ হিচাপে নিৰ্বাচিত হোৱাত এই সমষ্টি কেইটাৰ আসন কেইখন খালী হৈ আছে।

সেয়ে এই সমষ্টি কেইটাত অহা ছেপ্টেম্বৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি নিৰ্বাচন আয়োগে পূৰ্বে ঘোষণা কৰিছিল। ২০২১ ৰ সংশোধিত ভোটাৰ তালিকাৰ ভিত্তিতে এই সমষ্টি কেইটাত নিৰ্বাচন অনুষ্ঠিত হ'ব। ইতিমধ্যে নিৰ্বাচন আয়োগে এই সমষ্টি কেইটাৰ সংশোধিত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিছে। অহা ২০ আগষ্টত প্ৰকাশ পাব চূড়ান্ত সংশোধিত ভোটাৰ তালিকা। এই তালিকাৰ ভিত্তিতে অনুষ্ঠিত হ'ব নিৰ্বাচন।

মুখ্যমন্ত্ৰীৰ ভাষ্য- 'বিধানসভাৰ উপ-নিৰ্বাচনৰ সন্দৰ্ভত বিজেপিত হোৱা নাই আলোচনা'
তৃতীয়, চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বদলিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in