'কা আন্দোলন অসত্যৰ ওপৰত আধাৰিত আছিল'- হিমন্ত বিশ্ব শৰ্মা

এই পৰ্যন্ত ৮ জন লোকেহে নাগৰিকত্বৰ বাবে কৰিছে আবেদন
'কা আন্দোলন অসত্যৰ ওপৰত আধাৰিত আছিল'- হিমন্ত বিশ্ব শৰ্মা
'কা আন্দোলন অসত্যৰ ওপৰত আধাৰিত আছিল'- হিমন্ত বিশ্ব শৰ্মা
Published on
Updated on

ডিজিটেল ডেস্কঃ অসমত হোৱা 'কা' আন্দোলন অসত্যৰ ওপৰত আধাৰিত আছিল। নাগৰিকত্ব সংশোধনী আইনৰ অধীনত অসমত ২০ লাখ বিদেশীয়ে নাগৰিকত্ব লাভ কৰিব বুলি চলোৱা প্ৰচাৰ অসত্য বুলি প্ৰমাণিত হৈছে। এতিয়া 'কা' আন্দোলনৰ কোনো প্ৰয়োজনীয়তা, প্ৰাসংগিকতা নাই। নাগৰিকত্ব সংশোধনী আইনৰ প্ৰসংগত এইদৰেই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

সোমবাৰে দিছপুৰৰ জনতা ভৱনত এক সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নাগৰিকত্ব সংশোধনী আইনৰ অধাৰত মাত্ৰ ৮ জন লোকে অসমত নাগৰিকত্বৰ বাবে আবেদন কৰিছে বুলি দাবী কৰি কয় যে এই ৮ জনৰ আকৌ মাত্ৰ দুজনেহে সাক্ষাতকাৰৰ বাবে উপস্থিত হৈছে। এই তথ্য উল্লেখ কৰিয়েই তেওঁ 'কা' আন্দোলনক সমালোচনাৰ লক্ষ্য কৰি লয়।

উল্লেখ্য যে, বিৰোধী ৰাজনৈতিক দল, ছাত্ৰ তথা জাতীয়, জনজাতিয় সংগঠনৰ ব্যাপক আন্দোলনৰ মাজতেই কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰিছিল নাগৰিকত্ব সংশোধনী আইন। উচ্চতম ন্যায়ালয়তো এই আইনৰ বিৰুদ্ধে চলি আছে গোচৰ।

তাৰ মাজতে চাৰি মাহৰ পূৰ্বে এই আইন কাৰ্যকৰী কৰিছিল কেন্দ্ৰীয় চৰকাৰে। এই চাৰি মাহৰ ভিতৰচ অসমত মাত্ৰ ৮ জন লোকেহে নাগৰিকত্ব সংশোধনী আইনৰ আধাৰত নাগৰিত্বৰ বাবে আবেদন দাখিল কৰিছে। সেয়ে মুখ্যমন্ত্ৰী ড০ শৰ্মাই অসমত হোৱা 'কা' আন্দোলন অসত্যৰ ওপৰত আধাৰিত আছিল বুলিও দাবী কৰিছে।

তেওঁ 'কা' আন্দোলনকাৰীয়ে অসমত ২০ লাখ বিদেশীয়ে নাগৰিকত্ব লাভ কৰিব আৰু এইসকল অসমৰ বুজা হৈ পৰিব বুলি দাবী কৰাৰ কথা উল্লেখ কৰি কয় যে, আন্দোলনকাৰীসকলৰ এই কথা অসত্য প্ৰমাণিত হৈছে। 'কা' আন্দোলনৰ কোনো প্ৰাসংগিকতা নাই। তেওঁ কয়, ময়ো ভাবিছিলোঁ অন্তকঃ ডেৰ দুই লাখ লোকে নাগৰিকত্বৰ বাবে আবেদন কৰিব। আমি আইনখন কৰাৰ বাবে জোৰ দিছিলোঁ। আমি ভাবিছিলোঁ কিছু শৰনাৰ্থীয়ে নাগৰিকত্ব লাভ কৰক। বৰাকত আমাৰ দলৰ পৰাও প্ৰচাৰ কৰা হৈছিল। কিন্তু কোনো লোক আগবাঢ়ি নাহিল।

এই সংবাদ মেলতেই মুখ্যমন্ত্ৰী ড০ শৰ্মাই অসম আৰক্ষীক ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে ভাৰতলৈ অমুছলমান বিদেশীৰ বিৰুদ্ধে বিদেশী ন্যায়াধিকৰণত গোচৰ নতৰিবলৈ অসম চৰকাৰৰ গৃহ বিভাগে নিৰ্দেশ জাৰি কৰিছে বুলিও অৱগত কৰিছে। যোৱা ৫ জুলাইত অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ সচিবে অসম আৰক্ষীৰ সীমান্ত শাখাৰ বিশেষ সঞ্চালক প্ৰধানলৈ পত্ৰ প্ৰেৰণ কৰি  ২০১৪ ৰ ৩১ ডিচেম্বৰৰ পূৰ্বে ভাৰতলৈ অহা বাংলাদেশ, আফগানিস্তান, পাকিস্তানৰ হিন্দু, বৌদ্ধ, পাৰ্চী, জৈন, খ্ৰীষ্টিয়ান আৰু শিখ ধৰ্মীয় শৰনাৰ্থীক বিদেশী ন্যায়াধীকৰণত গোচৰ নতৰিবলৈ নিৰ্দেশ জনাইছে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই সংবাদ মেলখনত আৰু কয়, যিসকল ২০১৫ চনৰ পূৰ্বে ভাৰতলৈ আহিছে তেওঁলোকে নাগৰিকত্বৰ বাবে আবেদনত অগ্ৰাধিকাৰ লাভ কৰিব। তেওঁলোকে যদি নাগৰিকত্বৰ বাবে আবেদন নকৰে তেন্তে তেওঁলোকৰ বিৰুদ্ধে গোচৰ তৰিম। যিসকল ২০১৫ ৰ পিছত আহিছে তেওঁলোকক বিতাৰিত কৰা হ'ব।

'কা আন্দোলন অসত্যৰ ওপৰত আধাৰিত আছিল'- হিমন্ত বিশ্ব শৰ্মা
বজালী কাৰাটে সন্থাৰ নতুন কমিটী গঠন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in