ৰামধেনু আকৃতিৰ নিৰ্মাণ হৈছে মালিগাঁও উৰণীয়া সেতু, অতি শীঘ্ৰেই আৰম্ভ হ'ব নতুন কাম...

বুধবাৰে নিশাৰ ভাগত মালিগাঁও উৰণীয়া সেতুৰ কামৰ বুজ ল’লে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই।

author-image
Asomiya Pratidin
New Update
ৰামধেনু আকৃতিৰ নিৰ্মাণ হৈছে মালিগাঁও উৰণীয়া সেতু, অতি শীঘ্ৰেই আৰম্ভ হ'ব নতুন কাম...

ডিজিটেল ডেস্কঃ বুধবাৰে নিশাৰ ভাগত মালিগাঁও উৰণীয়া সেতুৰ কামৰ বুজ ল’লে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। মালিগাঁৱৰ উৰণীয়া সেতুৰ কাম ২ বছৰ ৪ মাহ ধৰি চলি আছিল। মালিগাঁও উৰণীয়া সেতুখন ২.৬ কিলোমিটাৰৰ।

৩০ আগষ্টৰ ৰাখী পূৰ্ণিমাৰ সন্ধিয়া ৫ বজাত মুকলি কৰা হ’ব সেতুখন। সেতুখনৰ ওপৰত ৰামধেনু আকৃতিৰ নিৰ্মাণ কৰা হৈছে। তিনিআলি জংচনত পৃথিৱীৰ গ্লৱ থাকিব। সেতুখনৰ তলত অসমৰ সাজ-পোছাক, বাদ্যযন্ত্র, অৰণ্যৰ দৃশ্য অংকন। ন-বোৱাৰীৰ দৰে সজাই তোলা হ’ব সেতুঁখন।

উৰণীয়া সেঁতুৰ লেণ্ডিং পইণ্ট দুটা গতিৰোধক থাকিব। মালিগাঁও উৰণ সেতু নামেৰে নামাকৰণ থাকিব এই সেতুখন। পিক পেলোৱা নিয়ন্ত্রণৰ বাবে সংবাদ মাধ্যমক দায়িত্ব মুখ্যমন্ত্রীৰ।

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে জনাই যে, জু-ৰোডৰ উৰণীয়া সেতু দুৰ্গা পূজা মহাপঞ্চমীত নহ’লে দেৱালীৰ পূৰ্বে মুকলি কৰা হ’ব। পৰৱৰ্তী সময়ত বৰপেটা ৰোডত নতুন এ‍খন উৰণীয়া সেতু মুকলি হ’ব।

পাগলাদিয়া নদীৰ ওপৰত দলং উদ্বোধন হ’ব। ডিচেম্বৰত নলবাৰীত আৰু এখন দলং নিৰ্মাণ হ’ব। এপ্রিল মাহৰ ভিতৰত ডিব্রুগড়ত আৰু এখন উৰণ সেতু মুকলি হ’ব। ফেব্রুৱাৰী ১ তাৰিখে যোৰহাটত আৰু এখন উৰণ সেঁতু হ’ব।

ইয়াৰোপৰি দীঘলী পুখুৰীৰ পৰা বামুণীমৈদামৰ লৈকে নতুন উৰণ সেতু কাম আৰম্ভ হ’ব বুলি জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে। কম সময় আৰু কম খুঁটাত নিৰ্মাণ কৰা হ’ব এই উৰণীয়া সেতুখন। সেতুখনৰ তলত থাকিব পাৰ্কিঙৰ ব্যৱস্থা। আনহাতে গুৱাহাটী-উত্তৰ গুৱাহাটীৰ সংযোগী দলং ৮ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব।

Also Read: কাজিৰঙাত কাৰ্বি জনগোষ্ঠীৰ সাজপাৰৰ প্ৰদৰ্শনী আৰু প্ৰশিক্ষণ কাৰ্যসূচী

himanta biswa sarma