মুখ্যমন্ত্ৰী অহাৰ পূৰ্বে ৰাজপথ মেৰামতি কৰাত ব্যস্ত লোক নিৰ্মান বিভাগৰ কৰ্মচাৰী

অহা ৭ আগষ্টত বোকাখাতলৈ আহিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷মুখ্যমন্ত্ৰীক আদৰিবলৈ দিনে-নিশাই পথ মেৰামতিত ব্যস্ত লোক নিৰ্মান বিভাগৰ লোক

author-image
Asomiya Pratidin
New Update
মুখ্যমন্ত্ৰী অহাৰ পূৰ্বে ৰাজপথ মেৰামতি কৰাত ব্যস্ত লোক নিৰ্মান বিভাগৰ কৰ্মচাৰী

ডিজিটেল সংবাদ, কাজিৰঙাঃ অহা ৭ আগষ্টত বোকাখাতলৈ আহিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷মুখ্যমন্ত্ৰীক আদৰিবলৈ দিনে-নিশাই পথ মেৰামতিত ব্যস্ত লোক নিৰ্মান বিভাগৰ লোক । ৰাজপথত থকা পুখুৰী সদৃশ গাতসমুহ তৎকালীনভাৱে পুঁতি পেলোৱা হৈছে যাতে মুখ্যমন্ত্ৰীগৰাকী আহোতে কষ্ট নহয় ৷

উল্লেখ্য যে হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম বিভাগৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত জিলাখনৰ বোকাখাত মহকুমাৰ বৰজুৰিৰ "সংহত হস্ততাঁত উদ্যান, কাজিৰঙা"ৰ চৌহদত অহা ৭ আগষ্টত নৱম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস আৰু সংহত হস্ততাঁত উদ্যান, কাজিৰঙাৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত হ'ব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ অনুষ্ঠানত কেইবাগৰাকীও বিধায়কসহ কেবিনেট মন্ত্ৰী উপস্থিত থাকিব ৷

দীৰ্ঘ সময়ৰ পৰা কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থাই জীয়াতু ভোগাই আহিছিল উজনি-নামনিৰ যাত্ৰীসকলক ৷ মৰণফান্দ সদৃশ গাতৰ বাবেই দুৰ্ঘটনা সংঘটিত হৈ কেইবাজনো লোকে প্ৰাণ হেৰুওৱাৰ পাছতো গা নলৰা লোক নিৰ্মাণ বিভাগ এতিয়া মুখ্যমন্ত্ৰী অহাৰ আগমুহুত্বত পথ মসৃণ কৰাত ব্যস্ত হৈ পৰিছে ৷যাক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে কাজিৰঙাত ৷ কাৰণ জনসাধাৰণৰ বাৰম্বাৰ আৱেদনৰ পাছতো শুই থকা বিভাগটোৱে এতিয়া সাৰ পাইছে ৷

কিন্তু অতি নিম্নমানৰ সামগ্ৰীৰে কৰা কামে স্পষ্ট কৰিছে যে মুখ্যমন্ত্ৰী যোৱাৰ পাছত পুনৰ যমৰ যন্ত্ৰণা ভোগ কৰিব লাগিব ৰাইজে ৷ শেহতীয়াকৈ ৰাজ্যসভাত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীৰ উত্তৰত উন্মোচিত হৈছে পথ উন্নয়নৰ প্ৰকৃত ছবি ৷ তিনি বছৰত ৫৪ টা প্ৰকল্পৰ মাত্ৰ দহটা সম্পুৰ্ণ হোৱাৰ লগতে বিগত পাঁচ বছৰত অসমত নিৰ্মাণ হৈছে মাত্ৰ ১১১ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথহে ৷

Also Read: অব্য়াহত আছে মণিপুৰত হিংসাত্মক ঘটনা, হত্যাৰ বলি আৰক্ষী বিষয়া

himanta biswa sarma