ডিজিটেল ডেস্কঃ বৈচিত্ৰময় দৈশ ভাৰত। ভাৰতীয় সংস্কৃতি, ৰীতি-নীতি, পৰম্পৰা ঐতিহ্যই ভাৰতক বৈচিত্ৰময় কৰি তুলিছে। প্ৰতি কিলোমিটাৰৰ আঁতৰে আঁতৰে ভাৰতত সলনি হয় ভাষা, সংস্কৃতি, খাদ্যভ্যাস। একেই অৱস্থা ভাষাৰ ক্ষেত্ৰতো।
বহু ভাষিক দেশ ভাৰত। ভাৰতৰ প্ৰতিখন ৰাজ্যৰ ভাষা বেলেগে বেলেগ। প্ৰতিখন ৰাজ্যত আছে আকৌ বিভিন্ন ভাষা, উপভাষা। ইয়াৰে বহু ভাষাৰ আছে নিজা সাহিত্য, ব্যাকৰণ। বহু ভাষা আকৌ কেৱল কথিত ৰূপত হে উপলব্ধ।
অৱশ্যে সমগ্ৰ দেশত হিন্দী ভাষী লোকৰ সংখ্যাই সৰ্বাধিক। ৰাজ্যভেদে, ঠাই ভেদে ভাষা বেলেগ বেলেগ হ'লেও দুটা ভিন্ন স্থানৰ লোক মিলিত হ'লে হিন্দীতেই মনৰ ভাৱ আদান প্ৰদান কৰে।
হিন্দী শব্দটো আহিছে পাৰ্চী শব্দ হিন্দৰ পৰা। পাৰ্চী শব্দ হিন্দ অৰ্থ হৈছে "সিন্ধু নদীৰ ভূমি"। এই হিন্দী ভাষা বৰ্তমান বিশ্বৰ তৃতীয় সৰ্বাধিক কথিত ভাষা বুলি গণ্য কৰা হয়। ভাৰতৰ উপৰিও নেপাল, পাকিস্তান, শ্ৰীলংকা আৰু আন কেইবাখনো চুবুৰীয়া দেশত হিন্দীক বহুলভাৱে ব্য়ৱহাৰ কৰা হয়।ভাৰতৰ ৰাজ্যসমূহ ভিতৰত বিহাৰেই প্ৰথমে হিন্দীক চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰিছিল।
১৪ ছেপ্টেম্বৰত সমগ্ৰ দেশতে হিন্দী দিৱস পালন কৰা হয়। হিন্দী ভাষাৰ ওপৰত গুৰুত্ব প্ৰদৰ্শন আৰু আলোকপাত কৰিবলৈ বিদ্যালয়, মহাবিদ্যালয়, কাৰ্যালয় আৰু সংগঠনত বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে।
ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত সংবিধান সভাই ১৪ ছেপ্টেম্বৰ ১৯৪৯ ত হিন্দীক চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰিছিল। সেই অনুসৰিয়েই প্ৰতি বছৰে ১৪ ছেপ্টেম্বৰৰ দিনটোক হিন্দী দিৱস হিচাপে পালন কৰি অহা হৈছে। আনহাতে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ চৰকাৰী ভাষা বিভাগে চৰকাৰী কাৰ্যত হিন্দীৰ প্ৰগতিশীল ব্যৱহাৰ বৃদ্ধি কৰাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি আহিছে।
মহামানৱ মহাত্মা গান্ধীয়েও বিশ্বাস কৰিছিল হিন্দী ভাৰতীয় সৰ্বসাধাৰণৰ ভাষা। বহু বুৰঞ্জীবিদে এইটোও কবলৈ বিচাৰে যে গান্ধীয়ে হিন্দীক ৰাষ্ট্ৰীয় ভাষা হিচাপে প্ৰতিষ্ঠা কৰাৰ পক্ষপাতী আছিল। অৱশ্যে, এতিয়ালৈকে হিন্দী ৰাষ্ট্ৰভাষা হৈ উঠা নাই।
প্ৰথমবাৰৰ বাবে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে ১৪ ছেপ্টেম্বৰক হিন্দী দিৱস হিচাপে উদযাপন কৰাৰ কথা ঘোষণা কৰিছিল। ১৯৫৩ চনৰ ১৪ ছেপ্টেম্বৰত দেশত প্ৰথমবাৰৰ বাবে হিন্দী দিৱস পালন কৰা হৈছিল। অৱশ্যে বিশ্ব হিন্দী দিৱস ১০ জানুৱাৰীতহে পালন কৰা হয়।
ভাৰতৰ মুঠ জনসংখ্যা ১৩৮ কোটি। এই ১৩৮ কোটি জনসংখ্যাৰ ভিতৰত মুঠ ৪৩.৬৩ শতাংশ লোক বৰ্তমান হিন্দীভাষী। চৰকাৰী তথ্য অনুসৰি ভাৰতৰ ৫২৮৩৪৭১৯৩ গৰাকী লোকে বৰ্তমান হিন্দী ভাষা কয়।
অসমৰ ক্ষেত্ৰত হিন্দী ভাষীৰ সংখ্যা মুঠ জনসংখ্যাৰ ভিতৰত ৬.৭৩ শতাংশ। বৰ্তমান অসমৰ জনসংখ্যা ৩.১ কোটি। এই জনসংখ্যাৰ ভিতৰত ২১ লাখ লোকে অসমত হিন্দী কয়। আনহাতে অসমীয়া ভাষী লোকৰ সংখ্যা হৈছে ১.৫১ কোটি। বাংলা ভাষী লোকৰ সংখ্যা ৯০.২৪ লাখ।
এই বছৰ গুজৰাটত উদযাপন কৰা হ'ব হিন্দী দিৱস
প্ৰতি বছৰে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত অনুষ্ঠিত কৰি অহা হৈছে হিন্দী দিৱস। কিন্তু প্ৰথমবাৰৰ বাবে এইবাৰ এই হিন্দী দিৱস কেন্দ্ৰীয় ভাৱে গুজৰাটত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ চৰকাৰী ভাষা বিভাগে এই বছৰ দিন্দী দিৱসৰ অনুষ্ঠান গুজৰাটৰ চুৰাটত অনুষ্ঠিত কৰিছে।