হীৰেন ভট্টাচাৰ্য্যৰ জন্মদিন : চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বহুভাষিক কবি সন্মিলন

হীৰেন ভট্টাচাৰ্য্যৰ জন্মদিন : চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বহুভাষিক কবি সন্মিলন

Published on

ডিজিটেল সংবাদ, চাপৰ : আজি ২৮ জুলাই, হীৰেন ভট্টাচাৰ্য (হীৰু দা)ৰ জন্মদিন। সুগন্ধি পখিলাৰ কবি তথা হীৰুদাৰ জন্মদিনটো উদযাপন কৰাৰ লক্ষ্যৰে চাপৰত অনুষ্ঠিত হয় কবি সন্মিলন।

চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত হীৰুদাক শ্ৰদ্ধাৰে সুঁৱৰি তেখেতৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন অৰ্পণ কৰি 'আলোকৰে যাত্ৰা' নামৰ এটি সামাজিক সংগঠনে অনুষ্ঠিত কৰে এই অনুষ্ঠান। বহু দূৰ দুৰণিৰ পৰা প্ৰায় শতাধিক নবীন আৰু প্ৰবীন কবিয়ে অংশগ্ৰহণ কৰে উক্ত কাৰ্যসূচীত।

কবি সন্মিলনৰ আঁত ধৰে তথা সঞ্চালকৰ ভূমিকা পালন কৰে প্ৰাক্তন অৱসৰপ্ৰাপ্ত অধ্যাপক তথা কবি ড০ ধীৰেন শৰ্মাই। উদুলি মুদুলি পৰিৱেশৰ মাজত গীত কথা কবিতাৰে সজীৱ উঠে কবি সন্মিলন।

হীৰেন ভট্টাচাৰ্য্যৰ জন্মদিন : চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বহুভাষিক কবি সন্মিলন
চিলাপথাৰত উন্নতমানৰ মিউজিক ষ্টুডিঅ' উদ্বোধন...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in