ডিজিটেল ডেস্কঃ পুনৰ আৰম্ভ হোৱাৰ দিশে 'কা' আন্দোলন। ১২ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ'ব প্ৰতিবাদী সভা। শাসকীয় পক্ষই 'কা' কাৰ্যকৰী কৰাৰ হুংকাৰ দি থকাৰ মাজতে এক সংবাদ মেল সম্বোধন কৰে নাগৰিকত্ব সংশোধনী আইন(কা) বিৰোধী সমন্বয় সমিতিয়ে।
সংবাদ মেল সম্বোধন কৰি ড০ হীৰেন গোঁহাইয়ে কয় যে, ৰাইজক জাননী দি আছো সংগ্ৰাম ওৰ পৰা নাই। অসমীয়া ৰাইজে যদি নিজৰ ভাষা, নিজৰ জাতি, নিজৰ ঐতিহ্য ৰক্ষা নকৰে কোনে কৰিব?
তেওঁলোকে আমাক হুংকাৰ দিছে কা কাৰ্যকৰী কৰা হ'ব। ৰাইজক আহ্বান সংগ্ৰামৰ বাবে । পুনৰ সাজু হওক। নামঘৰে নামঘৰে আঢ়ৈ লাখ টকা দি সেই সত্য ঢাকিব পৰা নাযায়। এয়া চৰকাৰে স্পষ্ট কৰি দিছে যে তেওঁলোকৰ উদ্দেশ্য অসমীয়া জাতিৰ পূৰ্বৰ মৰ্যদা শেষ কৰি দিয়া। তেওঁ লগতে কয় যে, এই আন্দোলন অসমীয়া ভাষা, জাতিৰ হকে। অসমীয়া জাতি জাগিব লাগিব।
উল্লেখ্য যে, ১২ ডিচেম্বৰত ৫ ছহীদক শ্ৰদ্ধাঞ্জলি জনাই আয়োজন কৰা হৈছে প্ৰতিবাদী সভা। এই সভাতেই সেই ছহীদক শ্ৰদ্ধাঞ্জলি জনাবলৈ আমন্ত্ৰণ জনোৱা হৈছে বিৰোধী দলৰ কেইবাগৰাকী নেতাক।
এফালে কা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত চৰকাৰৰ স্থিতি আৰু বিৰোধীৰ কা বিৰোধী স্থিতিয়ে বহু প্ৰশ্ন উত্থাপন। পুনৰ হ'ব নেকি কা আন্দোলন? লোকসভা নিৰ্বাচনৰ আগতে পুনৰ জ্বলি উঠিব নেকি অসমৰ ৰাজপথ ? অপেক্ষা মাঁথো সময়লৈ। সময়তহে দেখা যাব আন্দোলনে বাধা দিব পাৰে নে নাই 'কা' কাৰ্যকৰী হোৱাত।
Also Read: ''মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলন-২", "মুখ্যমন্ত্ৰীৰ ডায়েৰী" শীৰ্ষক গ্ৰন্থ উন্মোচন