বৰহোলাত এইচ আই ভি সজাগতা অভিযান...

বৰহোলাত এইচ আই ভিৰ সজাগতা অভিযান...

author-image
Asomiya Pratidin
New Update
বৰহোলাত এইচ আই ভি সজাগতা অভিযান...

ডিজিটেল সংবাদ, বেকাজানঃ যোৰহাট জিলাৰ তিতাবৰ অসম-নাগালেণ্ড সীমান্তৰ বৰহোলা, গড়াজান , পানীখেতি বেকাজান, ৰজাবাৰী, শিলডুবি দৰে অঞ্চলত যুৱ প্ৰজন্মৰ বিশেষকৈ ছাত্ৰৰ মাজত দিনক দিনে ভয়াৱহভাৱে বৃদ্ধি পাই ড্ৰাগছ আসক্তলৈ লক্ষ্য ৰাখি যোৰহাট জিলা অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ চছাইটিৰ উদ্যোগত এইচ আই ভি সংক্ৰমণৰ ওপৰত ব্যাপক সজাগতা অভিযান আৰম্ভ কৰিছে।

যোৰহাট জিলা প্ৰশাসনে আই ই চিৰ অংশ হিচাপে আজি বৰহোলাৰ তিনি ঠাইত ভ্ৰাম্যমাণ ভানৰ জৰিয়তে সজাগতা সভা অনুষ্ঠিত কৰি এইচ আই ভি সংক্ৰমণৰ ওপৰত প্ৰচাৰ চলায়। প্ৰথমে বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই আই ভি সংক্ৰমণৰ ওপৰত তথ্যচিত্ৰ প্ৰদৰ্শন কৰি কিদৰে ড্ৰাগছ আৰু অসুৰক্ষিত যৌন সম্পৰ্ক ফলত এইডছ ৰোগত আক্ৰান্ত হয় প্ৰচাৰ চলোৱা হয়।

ইয়াৰ পিছত বৰহোলা তিনি আলিত আৰু পানীখেতি উপস্বাস্থ্য কেন্দ্ৰত দুখন সজাগতা সভা অনুষ্ঠিত কৰি এইচ আই ভিৰ প্ৰচাৰ চলোৱা হয় । প্ৰচাৰ অভিযানত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ডাটা মেনেজাৰ জুলি বৰুৱা , কাউন্সিলৰ ৰঞ্জিত শইকীয়া।

Also Read: চাপৰত উদ্ধাৰ হ'ল বৰপেটা ৰোডত হাইজেক হোৱা আদাভৰ্তি ট্ৰাক...

বৰহোলা HIV