হোজাইৰ উপায়ুক্ত-অতিৰিক্ত উপায়ুক্তক নিলম্বন...

লংকাত স্থানীয় লোকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত হোজাইৰ উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তক নিলম্বন
hojai suspension
hojai suspension
Published on
Updated on

ডিজিটেল সংবাদ, লংকা : লংকাত স্থানীয় লোকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মতে হোজাইৰ উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তক নিলম্বন। এজন স্কুটী আৰোহীয়ে লংকা-নগাঁও সংযোগী চাৰিলেনযুক্ত পথেৰে ওলোটা দিশত অহা অৱস্থাত প্ৰত্যক্ষ কৰি খেদি-খেদি মাৰপিট কৰাৰ অভিযোগত নিলম্বন দুয়োকে।

লংকাৰ ৭ নং ৱাৰ্ডৰ শীলবস্তিত সংঘটিত হয় এই ঘটনা। এই সমগ্ৰ ঘটনা বন্দী হৈ ৰয় চিচি টিভি কেমেৰাত। পৰৱতী সময়ত ঘটনাস্থলীত লংকা আৰক্ষী উপস্থিত হৈ তিনিজন আঘাতপ্ৰাপ্ত লোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in