ডিজিটেল সংবাদ হোজাইঃ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনলৈ মাজত কেইটামান ঘণ্টা বাকী থকাৰ সময়তে আজি হোজাই জিলাৰ শংকৰদেৱ নগৰত দুখন বাহনৰ পৰা প্ৰায় ১১ লাখ ৫০ হাজাৰ টকা জব্দ কৰা হৈছে।
হাফলঙৰ পৰা গুৱাহাটী অভিমুখে আহি থকাৰ অৱস্থাত দুয়োখন বাহনক হোজাইৰ শংকৰদেৱ নগৰত তালাচী চলাই এই টকাখিনি জব্দ কৰা হয়। ইয়াৰ পাছতে বাহন দুখনৰ লগতে দুয়োখন বাহনত অহা ৪ জনকৈ মুঠ ৮ জন ব্যক্তিক আৰক্ষীক গতাই দিয়ে প্ৰশাসনে।
উল্লেখ্য যে, এক বিশেষ সূত্ৰৰ আধাৰত হোজাই জিলা প্ৰশাসন আৰু আৰক্ষয়ে যুটীয়া অভিযান চলাই শংকৰদেৱ নগৰত জব্দ কৰে টকাৰ সহিতে বাহন দুখন। বাহন দুখনত অহা ৮ জনকৈ ব্যক্তিয়ে জনোৱা মতে তেওঁলোক গুৱাহাটী অভিমুখে যাত্ৰা কৰিছিল।
যিহেতু হাফলঙত নিৰ্বাচন সেয়ে এই টকাখিনিৰ উৎস বা কি কাৰণত ব্যৱহাৰ কৰিবলৈ সৰবৰাহ কৰা হৈছে সেই সন্দৰ্ভত অধিক তথ্যৰ বাবে আৰক্ষীয়ে লোক কেইজনক সোধপোছ কৰিছে। জিলা প্ৰশাসনৰ ফালৰ পৰা জনোৱা অনুসৰি জব্দ কৰা টকাখিনি নিৰ্বাচন আয়োগক হস্তান্তৰ কৰা হ'ব। জব্দ কৰা বাহন দুখনৰ নম্বৰ ক্ৰমে এ এছ ০১ এফ জে ১৮৯৫ আৰু এ এছ ০৮ এ ৬৮৮৮।
Also Read: গোগামুখৰ এগৰাকী মানবতাবাদী ব্যক্তিৰ প্ৰয়াসে দৃষ্টি কাঢ়িব আপোনাৰো...