কেৰালালৈ যোৱা কাকীৰ এজন সন্ধানহীনঃ সতীৰ্থৰ বিৰুদ্ধে সন্দেহৰ আঙুলি

পৰিয়ালক একেগাঁৱৰ এজনে ফোন কৰি জনালে ৰে'লৰ পৰা জাপ দিয়াৰ কথা
কেৰালালৈ যোৱা কাকীৰ এজন সন্ধানহীনঃ সতীৰ্থৰ বিৰুদ্ধে সন্দেহৰ আঙুলি
কেৰালালৈ যোৱা কাকীৰ এজন সন্ধানহীনঃ সতীৰ্থৰ বিৰুদ্ধে সন্দেহৰ আঙুলি
Published on
Updated on

ডিজিটেল সংবাদ লংকাঃ এগৰাকী ৫০ উৰ্ধৰ মহিলা আৰু তেওঁৰ সৈতে তিনি কন্যাই হোজাই জিলাৰ লংকাৰ কাকী ৰাজপথত আজি বহিঃৰাজ্যলৈ গৈ নিৰুদ্দেশ হোৱা স্বামী তথা পিতৃৰ সন্ধান বিচাৰি হিয়া ধাকুৰি কন্দা পৰিলক্ষিত হ'ল। জানিব পৰা মতে ৰেৱতী বৰাৰ নামৰ ৫০ উৰ্ধৰ মহিলাগৰাকীৰ স্বামী বুবেন বৰা (৫৫) কেৰালালৈ গৈ সন্ধানহীন হৈছে।

যোৱা ৫ জুলাইত পুৰণি কাকী গাওঁ পঞ্চায়তৰ অন্তৰ্গত ছিংগাপুৰ গাঁৱৰ কেইজনমান লোকৰ সৈতে বুবেন বৰা গৈছিল কেৰালাত থকা পুত্ৰ, বোৱাৰী আৰু জী, জোৱাঁইৰ কাষলৈ। হোজাইৰ পৰা ট্ৰেইনেৰে যাত্ৰা কৰা বুবেন বৰাই ৭ জুলাইৰ পুৱা প্ৰায় ৯ মান বজালৈকে পৰিয়ালৰ লোকসকলৰ সৈতে মোবাইলৰ জৰিয়তে যোগাযোগ অব্যাহত ৰাখিছিল যদিও ইয়াৰ পিছত যোগাযোগ বিচ্ছিন্ন হৈ পৰে।

ইয়াৰ পিছত প্ৰায় ১০ মান বজাত কুবেন বৰাৰ মোবাইলৰ পৰা একেখন গাঁৱৰে আন এজন ব্যক্তিয়ে ফোন কৰি জনাই যে, হায়দৰাবাদৰ বিজয়ৱাড়া ৰে'লৱে ষ্টেচনৰ পাৰ হোৱাৰ পিছতে বুবেন বৰাই ৰে'লৰ পৰা জাপ দিয়ে। উল্লেখ্য যে, পূৰ্বেও বুবেন বৰাই কেৰালাত থকা তেওঁৰ পুত্ৰ, বোৱাৰী আৰু জী, জোৱাঁইৰ কাষলৈ গৈছিল।

কিন্তু এইবাৰ গাঁৱৰ আন কেইজনমান লোকৰ লগত যাওঁতে তেওঁ কিয় ৰে'লৰ পৰা জাপ মাৰিবলগীয়া হ'ল এই লৈ এতিয়া সন্দেহৰ সৃষ্টি হৈছে। তাৰোপৰি পুৱা প্ৰায় ৯ বজালৈকে ঘৰৰ মানুহৰ সৈতে মোবাইল সংযোগত থকা বুবেন বৰাৰ মোবাইল কিদৰে তেওঁলোকৰ হাতলৈ আহিল সেয়াও এক সন্দেহৰ বিষয় হৈ পৰিছে।

তাৰোপৰি বুবেন বৰাৰ পত্নী ৰেৱতী বৰাৰ প্ৰশ্ন, গাঁৱৰে এজন লোকে ৰে'লৰ পৰা জাপ দিয়াৰ পিছতো কিয় কোনো পদক্ষেপ গ্ৰহণ নকৰি কেৰালালৈ গুছি গ'ল? এইদৰে বুবেন বৰা সন্ধানহীন হোৱাক লৈ তেওঁৰ সৈতে কেৰালালৈ যাত্ৰা কৰা লোকসকলৰ ওপৰত বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে।

তাৰ মাজতে ৰেৱতী বৰাই তিনি কন্যা ক্ৰমে প্ৰণিতা, ৰীণা আৰু প্ৰতিমাৰ সৈতে কাকী আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে। ইয়াৰোপৰি বুবেন বৰাৰ কোনোবাই কিবা সম্ভদ পালে ৬৩৬২১-২৮২৯৩ আৰু ৯৩৬৫৪-৩১৭২২ অথবা ৯৯৫৪১-১২৪১৯ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in