ডিজিটেল সংবাদ,হোজাই: ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰখনত এক আলোড়ন সৃষ্টি কৰিছে আজমল ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত শৈক্ষিক প্ৰতিষ্ঠানসমূহে ৷ এই প্ৰতিষ্ঠানসমূহে শৈক্ষিক ক্ষেত্ৰখনত এটাৰ পিছত আন এটা সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ সৰ্বভাৰতীয় পৰ্যায়ৰ লগতে আন্তৰ্জাতিক পৰ্যায়তো এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে আজমল ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত শৈক্ষিক অনুষ্ঠানসমূহে ৷
সদ্যহতে আজমল মৰ্ডাণ ৰেচিডেন্সিয়েল স্কুল অৰ্থাৎ আজমল আধুনিক আৱাসিক বিদ্যালয়খনলৈ Educational Excellence Award 2024 বঁটা প্ৰদান কৰে ৱৰ্ল্ড স্কুল চামিটৰ এটি সংস্থাই। এই সংস্থাটিয়ে এখন বিদ্যালয়ৰ মূল বিষয়বস্তু চাই এই মূল্যায়ন কৰে আৰু বিভিন্ন সন্মানেৰে বিভূষিত কৰে ৷ আজমল মৰ্ডাণ ৰেচিডেন্সিয়েল স্কুল খনে শৈক্ষিক ক্ষেত্ৰখনত আগবঢ়োৱা অবদান খিনিয়ে ৱৰ্ল্ড স্কুল চামিটৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।
এই বিদ্যালয়খনৰ তিনিটা দিশ ক্ৰমে উদ্ভাৱনমূলক শৈক্ষিক পদ্ধতি, সামগ্ৰীক বিকাশ, গোলকীয় নাগৰিকত্ব আৰু শৈক্ষিক পৰিৱেশৰ বাবে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷ এনে দিশবোৰত বিদ্যালয়খনে অতি যত্নৰে ফলাফল দেখুৱাবলৈ সক্ষম হয়। উল্লেখযোগ্য যে বিদ্যালয়খন ২০২০ বৰ্ষত স্থাপন হৈছিল। স্থাপন হোৱাৰ পিছৰে পৰা বিদ্যালয়খনে ৰাজ্যিক পৰ্যায়ৰ পৰীক্ষাৰ পৰা আৰম্ভ কৰি সৰ্বভাৰতীয় পৰ্যায়তো উজলি উঠিছে।
প্ৰতিবছৰতে ভাৰতীয় অলিম্পিয়াডতো শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈ আহিছে বিদ্য়ালয়খন ৷ যাৰ ফলত বিগত বৰ্ষ কেইটাত ৭ লাখৰো অধিক Scholarship লাভ কৰিবলৈ সক্ষম হয় বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে ৷ প্ৰতিটো বছৰতে ভাৰতীয় অলিম্পিয়াড পৰীক্ষাত অৱতীৰ্ণ হৈ উল্লেখনীয় ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় বিদ্যালয়খনে। অন্যহাতে বিদ্যালয়খনত ষষ্ঠ শ্ৰেণীৰ পৰা NEET ,JEE , চিভিল চাৰ্ভিচ আৰু উচ্চ গণিতৰো পাঠদান দিয়া হয়।
যাৰ বাবে বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে সকলো দিশতে আগবাঢ়ি যাবলৈ সক্ষম হৈছে। উৎকৃষ্ট ফলাফলৰ এই বিদ্যালয়খনক যাৰ বাবে বিশেষ বঁটাৰে সন্মানিত কৰে ৱৰ্ল্ড স্কুল চামিটয়ে৷ যোৱা নিশা ডুবাইস্থিত ৱৰ্ল্ড স্কুল চামিটৰ এখনি অনুষ্ঠানত আজমল মৰ্ডাণ ৰেচিডেন্সিয়েল স্কুলক Educational Excellence Award -2024 বঁটা প্ৰদান কৰে বিশিষ্ট লিখক চেতন ভগতে। বিদ্যালয়খনৰ হৈ আজমল ফাউণ্ডেচনৰ সঞ্চালক ড° খচৰুল ইছলাম আৰু আজমল ছুপাৰ ৪০ৰ প্ৰজেক্ট হেড আব্দুল কাদিৰে গ্ৰহণ কৰে এই বঁটা।
উক্ত সন্মানটি লাভ কৰাৰ পিছতে আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল আৰু বিন্নাকান্দি সমষ্টিৰ বিধায়ক তথা আজমল ফাউণ্ডেচনৰ মূখ্য ন্যাসৰক্ষী ছিৰাজুদ্দিন আজমল উৎফুল্লিত হৈ পৰে। আজমল ফাউণ্ডেচনৰ সঞ্চালক ড° খচৰুল ইছলাম, আজমল ছুপাৰ ৪০ৰ প্ৰজেক্ট হেড আব্দুল কাদিৰ, আজমল ফাউণ্ডেচনৰ মহা প্ৰবন্ধক প্ৰমূখ্যে অধ্যক্ষ আৰিফ আহমেদৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰে।
Also Read: উচ্চতম ন্যায়ালয়ৰো সকলো গোচৰৰ শুনানিৰ হ'ব লাইভ সম্প্ৰচাৰ...