লামডিং মহাবিদ্যালয়ত ভিন্ন সমস্যাৰ বুজ ল'লে মন্ত্ৰী ৰণোজ পেগুৱে...

লামডিং মহাবিদ্যালয়ত ভিন্ন সমস্যাৰ বুজ ল'লে মন্ত্ৰী ৰণোজ পেগুৱে...

author-image
Asomiya Pratidin
New Update
লামডিং মহাবিদ্যালয়ত ভিন্ন সমস্যাৰ বুজ ল'লে মন্ত্ৰী ৰণোজ পেগুৱে...

ডিজিটেল সংবাদ,লামডিংঃ লামডিঙত শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু ৷ অসম চৰকাৰৰ শিক্ষা বিভাগৰ হৈ ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়সমূহৰ পৰ্যালোচনা সভাত উপস্থিত থাকি মহাবিদ্যালয়ৰ সমস্যাৰাজীৰ বুজ লৈছে মন্ত্ৰী ৰণোজ পেগুৱে। সেই অনুসৰি আজি লামডিং মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত মহাবিদ্যালয়ত অনুষ্ঠিত এক পৰ্যালোচনা সভাত অংশ লয় শিক্ষামন্ত্ৰী ড ৰণোজ পেগুৱে ৷

উক্ত সভাত উপস্থিত থাকে মহাবিদ্যালয় খনৰ অধ্যাপক-অধ্যাপিকা, ছাত্ৰ-ছাত্ৰীৰ লগতে লামডিং সমষ্টিৰ বিধায়ক। উল্লেখ্য যে, লামডিং মহাবিদ্যালয়ৰ অধ্যাপক, অধ্যাপিকা আৰু উপস্থিত ছাত্ৰ-ছাত্ৰীৰ পৰা মহাবিদ্যালয়খনৰ বিভিন্ন সমস্যাৰ বুজ লয় মন্ত্ৰী পেগুৱে। লগতে সমস্যা সমূহ কিদৰে অতি শীঘ্ৰে সমাধান কৰিব পৰা যায় তাকে আলোচনা কৰে মন্ত্ৰীগৰাকীয়ে।

Also Read: এতিয়া তেঁওক একোৱেই নালাগে !

Ronuj Pegu lumding college