অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী ড° সূৰ্য্যকান্ত হাজৰিকাক ‘ডেকাগিৰি বঁটা’ প্ৰদান

অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী ড° সূৰ্য্যকান্ত হাজৰিকাক ‘ডেকাগিৰি বঁটা’ প্ৰদান
Published on
Updated on

ডিজিটেল সংবাদ,হোজাই : হোজাই জিলাৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰই ২০২৩-২৪ বৰ্ষৰ বাবে অতি সন্মানজনক আৰু ভক্তিপূৰ্ণ ‘ডেকাগিৰি বঁটা’ অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী ড° সূৰ্য্যকান্ত হাজৰিকাক প্ৰদান কৰে।

মহাপুৰুষ জনাৰ নামেৰে প্ৰদান কৰা বঁটাটি বিগত ২০১৪ চনৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰই গুৰুজনাৰ আদৰ্শ, প্ৰচাৰ-প্ৰসাৰত অৰিহণা যোগাই অহা একোজন বিশিষ্ট ব্যক্তিক প্ৰদান কৰি আহিছে এই বঁটা।

উল্লেখ্য যে, শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ শংকৰদেৱ নগৰস্থিত স্থায়ী প্ৰেক্ষাগৃহত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত বঁটাটি প্ৰদান কৰা হয় সভাপতি ড°হাজৰিকাক। বঁটাটিত এখনি অসমীয়া ফুলাম গামোচা, চেলেং,শৰাই, এটি বায়নৰ পাগুৰি,এখনি প্ৰশস্তি পত্ৰ আৰু নগদ ২৫ হাজাৰ টকাৰ এখন চেক আগবঢ়োৱা হয় ।

জিলাখনৰ বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত ডেকাগিৰি বঁটাৰ লগতে সাহিত্য-সংস্কৃতিৰ উপৰিও সমাজ জীৱনলৈ বিশেষভাৱে বৰঙণি আগবঢ়োৱা বৰণ্যে ব্যক্তিক ৬ টাকৈ অনুপ্ৰেৰণামূলক বঁটা প্ৰদান কৰা হয়। সমগ্ৰ অনুষ্ঠানটিৰ আঁত ধৰে কৃষ্টি বিকাশ কেন্দ্ৰৰ সম্পাদক গজেন হাজৰিকাই।

অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী ড° সূৰ্য্যকান্ত হাজৰিকাক ‘ডেকাগিৰি বঁটা’ প্ৰদান
সামাজিক-সাংস্কৃতিক সংগঠন "সহোদৰ"ৰ উদ্যোগত "সহোদৰ শৈক্ষিক বঁটা -২০২৪" প্ৰদান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in