লামডিং ৰে'লৱে জংচনত চলন্ত ৰে'লৰ পৰা নিচাযুক্ত সামগ্ৰীসহ চাৰিজনক আটক...

লামডিং ৰে'লৱে আৰক্ষী আৰু আৰ পি এফৰ চিআইবি দলৰ যৌথ অভিযান
লামডিং ৰে'লৱে জংচনত চলন্ত ৰে'লৰ পৰা নিচাযুক্ত সামগ্ৰীসহ চাৰিজনক আটক...
লামডিং ৰে'লৱে জংচনত চলন্ত ৰে'লৰ পৰা নিচাযুক্ত সামগ্ৰীসহ চাৰিজনক আটক...
Published on
Updated on

ডিজিটেল সংবাদ লামডিংঃ ভাৰতীয় ৰে'লত প্ৰতিদিনে সৰবৰাহ হৈছে নিষিদ্ধ সামগ্ৰী। অবৈধ সৰবৰাহকাৰী, অসাধু চক্ৰৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ভাৰতীয় ৰে'ল ।

ৰে'লনগৰী লামডিঙত আজি পুনৰ আৰক্ষীয়ে অভিযান চলাই নিচাযুক্ত সামগ্ৰীসহ চাৰিজন লোকক আটক কৰে। লামডিঙৰ ৰে'ল আৰক্ষী আৰু আৰপিএফৰ চিআইবি দলে যৌথভাবে এই অভিযান চলাইছিল।

অভিযানত পাঁচটা বেগত ১৯ কেজি ভাং আৰু এটা চাবোনৰ কেচত ১৯ গ্ৰাম সন্দেহজনক ব্ৰাউন ছুগাৰ জব্দ কৰিবলৈ সক্ষম হৈছে ৷ জানিব পৰা মতে ৰে'ল আৰক্ষীয়ে ০১৬৬৬ নামনিমুৱা আগৰতলা-ৰাণী কমলাপতি এক্সপ্ৰেছত অভিযান চলাই এটা সাধাৰণ শ্ৰেণীৰ ডবাত পাথৰখোলা ৰে'লৱে ষ্টেচনত সামগ্ৰীখিনি জব্দ কৰাৰ লগতে লোক কেইজনক আটক কৰিবলৈ সক্ষম হয় ৷

আটকাধীন লোক চাৰিজন হৈছে ছিলঙৰ নিৱাসী মিলটন চক্ৰৱৰ্তী, বিহাৰৰ প্ৰণৱ কুমাৰ সিং, শংকৰ মাহাতো আৰু অভেষ ৰয় ৷ আগৰতলাৰ পৰা নিষিদ্ধ সামগ্ৰীসমূহ এনেদৰে বহি:ৰাজ্যলৈ সৰৱৰাহ কৰাৰ সন্দেহ কৰিছে ৰে'ল আৰক্ষীয়ে ৷

লামডিং ৰে'লৱে জংচনত চলন্ত ৰে'লৰ পৰা নিচাযুক্ত সামগ্ৰীসহ চাৰিজনক আটক...
কোকৰাঝাৰত আৰম্ভ হ'ব শামুকৰ পেটত মুকুতাৰ খেতি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in