ডিজিটেল সংবাদ,হোজাই: শুকুৰবাৰে এ আই টি ইউ চিৰ স্বীকৃত সংগঠন অসম ৰাজ্যিক আশা কৰ্মী ইউনিয়নৰ দ্বিতীয় ৰাজ্যিক সন্মিলন আজি এদিনীয়া কাৰ্যসূচীৰে হোজাইৰ শংকৰদেৱ নগৰত অনুষ্ঠিত হয়। কেবা শতাধিক আশা কৰ্মীৰ উপস্থিতিত শংকৰদেৱ নগৰৰ ড° ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সন্মিলনৰ পুৱা ১০ বজাত সংগঠনৰ পতাকা উত্তোলন কৰে অসম ৰাজ্যিক আশা কর্মী ইউনিয়নৰ সভানেত্ৰী মায়া দাসে।
স্মৃতি তৰ্পন কৰে অসম ৰাজ্যিক আশাকর্মী ইউনিয়নৰ সাধাৰণ সম্পাদিকা মিনাৰা বেগমে ৷ সন্মিলনৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হোৱা মুকলি সভাত সভাপতিত্ব কৰে মায়া দাসে। ১১ বজাত অনুষ্ঠিত মুকলি সভাৰ উদ্বোধনী ভাষণ দিয়ে হোজাই জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ৰঞ্জু ৰাজখোৱাই। ভাষণ প্ৰসংগত যুটীয়া স্বাস্থ্য সঞ্চালকে কয় যে, আশা কৰ্মী সকলে দিনে ৰাতিয়ে স্বাস্থ্য খণ্ডত কাম কৰি আহিছে। স্বাস্থ্য কৰ্মী সকলৰ সৈতে সমানে সমানে আশা কৰ্মী সকলেও ৰাইজৰ স্বাৰ্থত দায়িত্ব পালন কৰি আহিছে বুলি মন্তব্য কৰে।
সভাত মুখ্য বক্তা হিচাপে উপস্থিত থাকি এ আই টি ইউ চিৰ ৰাজ্যিক সভাপতি তথা প্ৰাক্তন বিধায়ক মুনীন মহন্তই উদাত্ত ভাষণত কেন্দ্ৰৰ বিজেপি চৰকাৰৰ জন বিৰোধী নীতিক ক্ষুৰধাৰ সমালোচনা কৰে। বিজেপি চৰকাৰে আশা কৰ্মীকে ধৰি আঁচনিভুক্ত শ্ৰমিক সকলৰ প্ৰতি বৈষম্যমূলক আচৰণ কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰে। আঁচনিভুক্ত শ্ৰমিক সকলক চৰকাৰী কৰ্মচাৰী মৰ্যাদা দিয়াৰ লগতে মাহেকত ২৬ হাজাৰ টকা দৰমহা আদায় দিয়াৰ দাবী তোলে।
সভাত অসম ৰাজ্যিক আশা কৰ্মী ইউনিয়নৰ সভানেত্ৰী মায়া দাস,সম্পাদিকা মিনাৰা বেগম,এ আই টি ইউ চিৰ সাধাৰণ সম্পাদক ৰমেন দাস,সহঃ সম্পাদক ফণী দাস, সম্পাদক ৰাতুল বৰা,এ আই টি ইউ চিৰ হোজাই জিলা সমিতিৰ আব্দুৰ ৰৌফ,নুৰ উদ্দিন, স্বাস্থ্য বিভাগৰ জিলা প্ৰগ্ৰেম মেনেজাৰ সাবানা চৌধূৰী উপস্থিত থাকি বক্তব্য ৰাখে।
সভাত আশা কৰ্মী সকলক চৰকাৰী কৰ্মচাৰীৰ মৰ্যদা প্রদান কৰা,মাহিলী নূন্যতম ২৭ হাজাৰ টকা দিয়া,সকলো চৰকাৰী আঁচনিভুক্ত কৰ্মচাৰীক মাহে পেঞ্চন দিয়াৰ ব্যৱস্থা কৰা,কর্মক্ষেত্রত আশা কৰ্মীৰ নিৰাপত্তা সুনিশ্চিত কৰা,আশা কর্মীসকলৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষা ব্যৱস্থা কৰা আদি দাবী উত্থাপন কৰে।আশা কৰ্মী সকলৰ ন্যায্য দাবী পূৰণৰ ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা লয় সেয়া সময়ত লক্ষণীয় হব।
Also Read: জামুগুৰিহাটৰ বামুনিপামত বনৰীয়া হাতীৰ সন্ত্ৰাস অব্যাহত...