হোজাই আৰক্ষীৰ গুলীত আহত অবৈধ গো মাংস ব্যৱসায়ীঃ আটক ৮

হোজাই আৰক্ষীৰ গুলীত আহত অবৈধ গো মাংস ব্যৱসায়ীঃ আটক ৮
Published on
Updated on

ডিজিটেল সংবাদ,হোজাইঃ হোজাইত অবৈধ গো মাংস ব্যৱসায়ীৰ বিৰুদ্ধে তৎপৰ অসম আৰক্ষী। হোজাই আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাৰ নেতৃত্বত ডবকা চহৰৰ ১০ নং ৱাৰ্ডত অবৈধ গো মাংস বিক্ৰিৰ দোকানত আৰক্ষীয়ে অভিযান চলায়। এই অভিযানৰ বিষয়ে জানিব পাৰি জাকিৰ নামৰ এজন গো মাংস ব্যৱসায়ীয়ে আৰক্ষীক আক্ৰমণৰ লক্ষ্য কৰি লয়।

লগে লগে আৰক্ষীয়েও গুলীচলানা কৰে। আৰক্ষীৰ গুলীত আহত হয় জাকিৰ হুছেইন নামৰ অবৈধ গো মাংস দোকানীজন। লগতে আৰক্ষীয়ে ৮ জন ব্যৱসায়ীকো আটক কৰে। জানিব পৰা মতে আৰক্ষীৰ গুলী জাকিৰৰ বাঁওভৰিত লাগে। গুলীবিদ্ধ জাকিৰ হুছেইন সম্প্ৰতি নগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

হোজাই আৰক্ষীৰ গুলীত আহত অবৈধ গো মাংস ব্যৱসায়ীঃ আটক ৮
কাৰিগাঁৱত আদৰণি তোৰণ নিৰ্মাণৰ আধাৰশিলা স্থাপন প্ৰমোদ বড়োৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in