লামডিং আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ...

প্ৰায় ৪০ লাখ টকাৰ অবৈধ সুৰা জব্দ
লামডিং আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ...
লামডিং আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ...
Published on
Updated on

ডিজিটেল সংবাদ লামডিংঃ লামডিং আৰক্ষীৰ অভিযানত আজি প্ৰায় ৪০ লক্ষাধিক টকাৰ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে। লামডিং আৰক্ষীয়ে লামডিং - লংকা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই এই বৃহৎ পৰিমণৰ সুৰাখিনি জব্দ কৰিবলৈ সক্ষম হৈছে।

আৰক্ষীয়ে অভিযানৰ সময়ত AS 01 LC 6145 নম্বৰৰ এখন বাৰ চকীয়া ট্ৰাকৰ পৰা এই সুৰাখিনি জব্দ কৰিছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে ট্ৰাকখন গুৱাহাটীৰ পৰা শিলচৰ অভিমুখী আছিল।

পূৰ্বেই এই বিষয়ে গোপনে খবৰ লাভ কৰাত আৰক্ষীয়ে এই সফল অভিযান চলাবলৈ সক্ষম হৈছে। ট্ৰাকখনত মুঠ ১০০০ টা বিলাতী সুৰাৰ বটল আছিল। আৰক্ষীয়ে ট্ৰাক আৰু সুৰাখিনি জব্দ কৰে যদিও এই অবৈধ সুৰা সৰবৰাহ কৰা বাহনখনৰ চলাক আৰু সহযোগী পলায়ন কৰে।

লামডিং আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ...
ৰাইজৰ প্ৰতিবাদত বিদ্যুতপৃষ্ট হৈ মৃত যুৱকৰ পৰিয়ালক ক্ষতিপূৰণ দিবলৈ বাধ্য হ'ল বিদ্যুৎ বিভাগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in