লংকা শিক্ষাখণ্ডত অৰাজকতাঃ ভাড়াতীয়া শিক্ষকে কৰিছে পাঠদান...

শিক্ষকে পালন নকৰে চৰকাৰী নীতি- নিৰ্দেশনা

author-image
Asomiya Pratidin
New Update
লংকা শিক্ষাখণ্ডত অৰাজকতাঃ ভাড়াতীয়া শিক্ষকে কৰিছে পাঠদান...

লংকা শিক্ষাখণ্ডত অৰাজকতাঃ ভাড়াতীয়া শিক্ষকে কৰিছে পাঠদান...

ডিজিটেল সংবাদ,মোৰাঝাৰ: সম্প্ৰতী হোজাই জিলাৰ লংকা শিক্ষা খণ্ডত শিক্ষাব্যৱস্থা ধ্বংসৰ দিশে গতি কৰিছে। আনকি চূড়ান্ত বিদ্যায়তনিক অৰাজকতাই গ্ৰাস কৰিছে লংকা শিক্ষাখণ্ডত৷ একাংশ শিক্ষকৰ দৌৰাত্ম্যত প্ৰভাব পৰিছে ছাত্ৰ-ছাত্ৰীৰ জীৱনত ৷

ৰাজহুৱা অভিযোগ অনুসৰি দীৰ্ঘদিনৰে পৰা লংকা শিক্ষাখণ্ডৰ অন্তৰ্গত চাৰিংপথাৰ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক কপিল উদ্দিন সময়মতে উপস্থিত নহয় বিদ্যালয়ত৷ ঘৰৰ পৰা মাত্ৰ দুশ মিটাৰ দুৰত্বত থকা বিদ্যালয়খনৰ সহকাৰী শিক্ষক কপিল উদ্দিনে বিদ্যালয়তখনত ৰাতিপুৱাই অনলাইন উপস্থিতি দেখুৱাই নিজৰ ব্যক্তিগত কামত চৰকাৰী শিক্ষকগৰাকী ব্যস্ত হৈ থাকে।

এইগৰাকী চৰকাৰী শিক্ষকে নামানে চৰকাৰৰ নীতি-নিৰ্দেশনা। নামানে প্ৰধান শিক্ষক, নামানে বি ই ই অ'ক৷ নিজে বিদ্যালয়ত পাঠদান দিয়াৰ পৰিৱৰ্তে প্ৰায় এবছৰৰ পৰা নিযুক্তি দিছে পিন্টু দাস নামৰ এগৰাকী ভাড়াতীয়া শিক্ষকক। পিণ্টুৰ পিতৃ শাসক দলৰ এগৰাকী নেতা হোৱাৰ সুবাদতে দম্ভালি মাৰে শিক্ষকে৷

এনেদৰেই চলি আছে ৰাজ্যৰ শিক্ষা বিভাগ। এইগৰাকীক চৰকাৰী শিক্ষকে কাৰ আশীৰ্বাদত অবৈধ ভাৱে শিক্ষক নিযুক্তি দি চাকৰিৰ দৰমহা হজম কৰিব পাৰিছে সেই প্ৰশ্ন এতিয়া অঞ্চলটোৰ প্ৰতিজন মানুহৰ মুখে মুখে।

এই সন্দৰ্ভত বিদ্যালয়খনৰ অভিভাৱক আৰু স্থানীয় ৰাইজে জিলা আয়ুক্ত আৰু লংকা শিক্ষা খণ্ডৰ বিষয়াক লিখিত অভিযোগ দাখিল কৰিছে। এতিয়া লংকা শিক্ষা খণ্ডৰ নতুন বিষয়া আৰু নতুন হোজাই জিলা আয়ুক্তই কি ব্যৱস্থা লয় সেয়া লক্ষ্যণীয় হৈ পৰিছে।

Also Read: নৰ্থ বেংক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে শিক্ষক, শিক্ষাৰ্থীৰ প্ৰতিবাদ...

শিক্ষা বিভাগ লংকা মোৰাঝাৰ