মোৰাঝাৰত ভুৱা বিত্তীয় প্ৰতিষ্ঠান খুলি কোটি কোটি টকা লুণ্ঠনঃ দুজনক গ্ৰেপ্তাৰ...

সৰ্বসাধাৰণক ঋণ দিয়াৰ নামতো চলাইছিল লুণ্ঠন
মোৰাঝাৰত ভুৱা বিত্তীয় প্ৰতিষ্ঠান খুলি কোটি কোটি টকা লুণ্ঠনঃ দুজনক গ্ৰেপ্তাৰ...
মোৰাঝাৰত ভুৱা বিত্তীয় প্ৰতিষ্ঠান খুলি কোটি কোটি টকা লুণ্ঠনঃ দুজনক গ্ৰেপ্তাৰ...
Published on
Updated on

ডিজিটেল সংবাদ মোৰাঝাৰঃ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে হোজাইৰ মোৰাঝাৰত অবৈধ বেংক খুলি সৰ্ব সাধাৰণ ৰাইজৰ কোটি কোটি টকা লুণ্ঠনৰ ঘটনাত জড়িত দুই অভিযুক্তক আটক কৰাত জিলাখনত চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে আটক কৰা দুই প্ৰৱঞ্চক হৈছে ফৰিজ উদ্দিন আৰু নুৰুন নেহাৰ।

অভিযোগ অনুসৰি মোৰাঝাৰৰ গনিপুৰত ছয় মাহ মান পূৰ্বে ফৰিজ উদ্দিনে YBL নামৰ এটি বেংক খুলিছিল। ইয়াৰ এটা শাখা খুলিছিল মোৰাঝাৰৰ চামৰআলীত। গনিপুৰত বেংকৰ মুখ্য কাৰ্য্যালয় ফৰিজ উদ্দিনে চলাই নিয়াৰ লগতে নুৰুন নেহাৰে চামৰআলী বেংক শাখা চলাই আছিল।

সাধাৰন ৰাইজক বেংকৰ পৰা লাখ লাখ টকা ঋণ দিয়াৰ কথা কৈ দুয়োজনে আন সহযোগীৰ জৰিয়তে লাখ লাখ সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। সহজ সৰল ৰাইজক পতিয়ন নিয়াবলৈ প্ৰৱঞ্চক ৰূপী ফৰিজে এক্সিচ বেংকত তেওঁলোকৰ YBL বেংকে এক লাখ কোটি টকাৰ এখন ভুৱা প্ৰমান পত্ৰ ভূৱা বেংকৰ শাখাত আৰি থৈছিল।

গ্ৰাহকে ৫০ হাজাৰ টকাৰ পৰা ৮০ হাজাৰ টকালৈকে জমা থৈছে ৷ একাউন্ট খুলি ধন জমাৰ পিছত বহুতৰ নামত ঋণো আৱন্টন দিছিল। ঋণৰ ধন একাউন্টত সোমোৱা বুলি মেচেজ পাই যদিও সেই টকা উলিওৱাত ব্যৰ্থ হৈছিল গ্ৰাহক।

উপায়ন্তৰ হৈ চৌধুৰী বজাৰৰ ফৈচলুৰ ৰহমানে দিয়া এজাহাৰ ভিত্তিত মোৰাঝাৰ আৰক্ষীয়ে এটি গোচৰ পঞ্জীয়ন কৰি শুকুৰবাৰে নিশাই ভুৱা বেংক দুটাৰ বিৰুদ্ধে অভিযান চলায়।

মোৰাঝাৰ আৰক্ষীয়ে অভিযান চলাই মূল নায়ক ফৰিজ উদ্দিন আৰু নুৰুন নেহাৰক গ্ৰেপ্তাৰ কৰাৰ লগতে বহু আপত্তিজনক নথিপত্ৰ জব্দ কৰে। শুকুৰবাৰে নিশাৰে পৰা হোজাইৰ আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাই মোৰাঝাৰ আৰক্ষী থানাত বাহৰ পাতি সমগ্ৰ বিষয়টো তদাৰকি কৰি থকা বুলি জানিব পৰা গৈছে।

মোৰাঝাৰত ভুৱা বিত্তীয় প্ৰতিষ্ঠান খুলি কোটি কোটি টকা লুণ্ঠনঃ দুজনক গ্ৰেপ্তাৰ...
মৰিগাওঁ সদৰ থানাত আত্মসমৰ্পণ দুই কুখ্যাত চাইবাৰ অপৰাধীৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in