ডিজিটেল সংবাদ লামডিংঃ লামডিঙত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা। স্বামীৰ আদ্য শ্ৰাদ্ধৰ নীতি নিয়ম কৰি থকাৰ সময়তে এগৰাকী মহিলাক দাৰে আক্ৰমণ কৰিলে দেৱৰকে। এই ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি হৈছে।
জানিব পৰা মতে লামডিঙত আজিৰ পৰা ৪ দিন পূৰ্বে পাথৰখোলা ৰে'লৱে ষ্টেচনৰ সমীপত গৌতম দাস নামৰ এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হৈছিল। সেই গৌতম দাসৰ শ্ৰাদ্ধৰ কিছু নীতি নিয়ম আজি পৰিয়ালে কৰিছিল।
সেই সময়তে গৌতম দাসৰ পত্নী ৰুমী দাসক অতৰ্কিতে দাৰে আক্ৰমণ কৰে ৰাজু দাসে। ৰাজু দাস গৌতম দাসৰ ভাতৃ। ৰাজুৰ দাৰ ঘাপ ৰুমী দাসৰ ডিঙিত পৰা তেওঁৰ অৱস্থা সংকটজনক হৈ পৰে। ইয়াৰ পাছতে আত্মীই তেওঁক অতি সংকটজনক অৱস্থাত লামডিং ৰে'লৱে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
ইফালে ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ৰাজু দাসে। তেওঁৰ বিৰুদ্ধে লামডিং আৰক্ষী থানাত ৰুজু কৰা হৈছে। ইফালে গৌতম দাসৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে এয়া এক পাৰবিৰাৰিক কণ্ডলৰ বাবেই সংঘটিত হোৱা হত্যাকাণ্ড বুলি সন্দেহ কৰা হৈছিল। অৱশ্যে এই ঘটনাৰ আঁৰৰ প্ৰকৃত কাৰণ কি সেয়া আৰক্ষীৰ তদন্তৰ অন্ততহে জানিব পৰা যাব।