ডিজিটেল সংবাদ, লামডিংঃ স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত লামডিঙত আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত আছে ৷ এই অভিযানৰ নেতৃত্বত আছে লামডিং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দনজ্যোতি বৰা ৷ দেওবাৰে লামডিং আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি লামডিং ৰে'লৱে ষ্টেচনৰ সমীপৰ পৰা হে'ৰইনসহ হাতে-লুটে এজন যুৱকক আটক কৰে।
আটকাধীন যুৱকজন হ'ল শ্বিলং বৰবজাৰৰ বাসিন্দা কাৰ্তিক দেৱনাথ ৷ আৰক্ষীয়ে যুৱকজনৰ পৰা ২০টা প্লাষ্টিকৰ কণ্টেইনাৰত প্ৰায় ২১.৯৬ গ্ৰাম হে'ৰইন জব্দ কৰিবলৈ সক্ষম হয় ৷ লগতে যুৱকজনৰ পৰা আৰক্ষীয়ে নগদ ১৫ হাজাৰ টকাও জব্দ কৰে ৷ এই সন্দৰ্ভত লামডিং আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে, ঘটনাৰ সন্দৰ্ভত ১৬২/২৩ নম্বৰত ২১(বি) এনডিপিএচ এক্টত এটা গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে৷