লামডিং আঞ্চলিক বন বিভাগৰ জালত চোৰাং চিকাৰী

লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা হস্ত নিৰ্মিত দুটা বন্দুকসহ দুজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ ৷

author-image
Asomiya Pratidin
New Update
ওড়িশাৰ অসম যাত্ৰী নিবাসত আৱদ্ধ অসমৰ ৩৮ গৰাকী তীৰ্থযাত্ৰী…

অগ্ৰণী খবৰ

ডিজিটেল সংবাদ, লামডিংঃ লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা হস্ত নিৰ্মিত দুটা বন্দুকসহ দুজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ ৷ লামডিং আঞ্চলিক বন বিভাগে গ্ৰেপ্তাৰ কৰে চোৰাং চিকাৰী দুজনক ৷ বন বিভাগৰ এটি তহলদাৰী দলে প্ৰতিদিনৰ দৰে লামডিং সংৰক্ষিত বনাঞ্চলত নিয়মীয়া তালাচী চলোৱাৰ সময়ত বন্দুক তথা দুটা গুলীসহ জব্দ কৰি চিকাৰী কেইজনক গ্ৰেপ্তাৰ কৰে ৷

উল্লেখ্য বনাঞ্চলখনৰ লালপাহাৰৰ পৰা বনৰীয়া জন্তু চিকাৰ কৰিবলৈ খাপ পিটি থাকোতে আটক কৰা হয় চিকাৰী কেইজনক ৷ গ্ৰেপ্তাৰ হোৱা চিকাৰী দুইজন লামডিং মুড়াবস্তিৰ নিৱাসী সনতোশ গোৱালা আৰু ৰাঘোৱ ঘোৰ বুলি জানিব দিয়ে ৷ ইতিমধ্যে বনকৰ্মীয়ে চিকাৰী দুইজনৰ সোধা-পোচ কৰিছে।

এই ঘটনাৰে আৰু ব্যক্তি জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ ইপিনে লামডিং আঞ্চলিক বন বিভাগে Wildlife Animal Actৰ অধীনত গোচৰ ৰুজু কৰি আদালতলৈ প্ৰেৰণ কৰিছে দুয়োজন অভিযুক্তক৷

Also Read: মহানগৰীত প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ আৰম্ভণি অনুষ্ঠান

Assam police বন বিভাগ