হোজাইৰ সপ্তাহিক বজাৰত শাক-পাচলিৰ দৰে বিক্ৰী হয় ঔষধ

হোজাই জিলাৰ বিভিন্ন হাট -বজাৰত জীৱনদায়িনী ঔষধ একাংশ অশিক্ষিত লোকে শুকান মাছ, শাক-পাচলিৰ দৰে মুকলিকৈ বিক্ৰী কৰাৰ ভয়ংকৰ তথ্য পোহৰলৈ অহাত জিলাখনত কিছু দিনৰ পৰা ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

author-image
Asomiya Pratidin
New Update
ঔষধৰ মুকলি বেহা

ডিজিটেল সংবাদ, মোৰাঝাৰ: হোজাই জিলাৰ বিভিন্ন হাট -বজাৰত জীৱনদায়িনী ঔষধ একাংশ অশিক্ষিত লোকে শুকান মাছ, শাক-পাচলিৰ দৰে মুকলিকৈ বিক্ৰী কৰাৰ ভয়ংকৰ তথ্য পোহৰলৈ অহাত জিলাখনত কিছু দিনৰ পৰা ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। তাৰ পাছতে আজি মোৰাঝাৰ দেৱস্থান সাপ্তাহিক বজাৰত ঔষধ পৰিদৰ্শক বিপুল বিশ্বাসৰ নেতৃত্বত অভিযান চলাই বৃহৎ পৰিমানৰ ঔষধ জব্দ কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে, জিলাখনৰ অধিকাংশ সাপ্তাহিক হাট বজাৰত মুকলিকৈ ঔষধ বিক্ৰী কৰাৰ তথ্য পোহৰলৈ আহিছিল ৷ অঞ্চলটোত সাধাৰণ মানুহৰ জীৱনক লৈ হেতালি খেলা অশিক্ষিত একাংশ লোকে অনুজ্ঞাপত্ৰ অবিহনে জধে মধে দোকান খুলি ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰাখিছে৷

আজি মোৰাঝাৰ আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসহ ঔষধ পৰিদৰ্শক বিপুল বিশ্বাসৰ নেতৃত্বত দেৱস্তান বজাৰত অভিযান চলাই ডবকাৰ আশ্বিক উদ্দিন,চেলিম উদ্দিন আৰু নীলবাগানৰ নাজিম উদ্দিনৰ পৰা বৃহৎ পৰিমানৰ ঔষধ জব্দ কৰিবলৈ সক্ষম হয়। অৱশ্যে এইদৰে শাক-পাচলিৰ দৰে ঔষধ বিক্ৰী কৰা নীলবাগানৰ নাজিম উদ্দিন পলায়ন কৰিবলৈ সক্ষম হয়৷

স্কুল, কলেজৰ বাৰাণ্ড গছকি নোপোৱা একাংশ লোকে এনেধৰণে মুকলিকৈ শাক-পাচলিৰ দৰে ঔষধ বিক্ৰী কৰা ঘটনাই সচেতন লোকক উদ্বিগ্ন কৰি তুলিছে। তাৰ মাজতে আজি ঔষধ পৰিদৰ্শকগৰাকীয়ে জিলাখনৰ অধিকাংশ সাপ্তাহিক বজাৰতে ধাৰাবাহিক ভাৱে অভিযান চলিব বুলি জানিবলৈ দিয়ে৷

ঔষধ পৰিদৰ্শক ঔষধ