মৌডংগা হাইস্কুলত ৭ কোটি টকীয়া প্ৰকল্পৰ আধাশিলা স্থাপন বিধায়ক ছিৰাজুদ্দিন আজমলৰ...

মৌডংগা হাইস্কুলত ৭ কোটি টকীয়া প্ৰকল্পৰ আধাশিলা স্থাপন বিধায়ক ছিৰাজুদ্দিন আজমলৰ...

author-image
Asomiya Pratidin
New Update
মৌডংগা হাইস্কুলত ৭ কোটি টকীয়া প্ৰকল্পৰ আধাশিলা স্থাপন বিধায়ক ছিৰাজুদ্দিন আজমলৰ...

মৌডংগা হাইস্কুলত ৭ কোটি টকীয়া প্ৰকল্পৰ আধাশিলা স্থাপন বিধায়ক ছিৰাজুদ্দিন আজমলৰ...

ডিজিটেল সংবাদ, মোৰাঝাৰ: আজি দিনৰ তিনি বজাত ৬২ নং বিন্নাকান্দি সমষ্টিৰ বিধায়ক ছিৰাজুদ্দিন আজমলে গ্ৰামীণ আন্ত:গাঁথনি উন্নীতকৰণ আঁচনি ২০২৩-২৪ ৰ অধীনত মৌডংগা হাইস্কুল (মডেল) ৰ গৃহ নিৰ্মাণ কাৰ্যৰ আধাৰ শিলা স্থাপন কৰাৰ লগতে নীলবাগানৰ শিংগিৰপাৰ গাঁৱতো ৩ কোটি ৬০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া পথৰ আধাৰশিলা স্থাপন কৰে ৷

২০২৩-২৪ বিত্তীয় বৰ্ষৰ মুখ্যমন্ত্ৰী পকী পথ নিৰ্মাণ আঁচনিৰ অধীনত শিংগিৰ পাৰৰ পৰা তাৰকাটা হৈ তাৰাপুৰ গাঁৱলৈ যোৱা পথৰ শুভাৰম্ভ কৰি এখন ৰাজহুৱা সভাত অংশ গ্ৰহণ কৰে বিধায়ক ছিৰাজুদ্দিন আজমলে ৷ অনুষ্ঠানত বিধায়কৰ ৰাজনৈতিক সচিব আকবৰ আলীৰ লগতে লোক নিৰ্মাণ পথ বিভাগ, হোজাইৰ বিষয়া, অভিযন্তা আৰু কামৰ ঠিকা লাভ কৰা ঠিকাদাৰসকল উপস্থিত থাকে ৷

উল্লেখ্য যে, আজি প্ৰায় ১০ কোটি ৬০ লাখ টকীয়া কাম দুটাৰ আধাৰশিলা স্থাপন কৰে বিন্নাকান্দিৰ বিধায়ক ছিৰাজুদ্দিন আজমলে ৷ প্ৰথমে ৭ কোটি টকা ব্যয় সাপেক্ষে মৌডঙ্গা মডেল হাইস্কুলত গৃহ নিৰ্মাণ উপলক্ষে ফিতা কাটি কামৰ আধাৰশিলা স্থাপন কৰে বিধায়কগৰাকীয়ে ৷

এই উপলক্ষে বিদ্যালয়ত এখ সভা অনুষ্ঠিত হয় ৷ সভাত বিদ্যালয়ৰ শিক্ষকসকলৰ লগতে বিদ্যালয় পৰিচালনা কমিটিৰ বিষয়ববীয়া, স্থানীয় ৰাইজ আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে৷ বিদ্যালয়খনৰ ফালৰ পৰা বিধায়কগৰাকীক বিপুলভাবে সম্বৰ্ধনা জনোৱা হয়৷

বিদ্যালয় কৰ্তৃপক্ষৰ হৈ প্ৰধান শিক্ষক ছাবিৰ আহমেদে বিধায়ক ছিৰাজুদ্দিন আজমলক ধন্যবাদ জ্ঞাপন কৰে ৷ ইয়াৰ পাছত বিধায়কগৰাকীয়ে ৰোহিণি পথাৰ গাঁৱৰ আব্দুল কালামৰ ঘৰত উপস্থিত হৈ তেখেতৰ স্বাস্থ্যৰ বুজ লয় ৷

লগতে বৰবালি অঞ্চলত আন দুটা পথ পৰিদৰ্শন কৰি শীঘ্ৰে কাম আৰম্ভ কৰা হ'ব বুলি মন্তব্য কৰে বিধায়গৰাকীয়ে ৷ পৰৱৰ্তী সময়ত নীলবাগানৰ শিংগিৰপাৰ গাঁৱত উপস্থিত হৈ ৩ কোটি ৬০ লাখ টকীয়া পথৰ আধাৰশিলা স্থাপন কৰে বিধায়কগৰাকীয়ে ৷

প্ৰায় ৩ কোটি ৬০ লাখ টকা ব্যয় সাপেক্ষে ৪ কিলোমিটাৰ পথ নিৰ্মাণৰ কামৰ শীঘ্ৰে শুভাৰম্ভণি কৰা হ'ব বুলি বিধায়কৰ আগত জনায় বিভাগীয় অভিযন্তা ৰুস্তম আলিয়ে ৷ সন্ধিয়াৰ সময়ত বিন্নাকান্দি সমষ্টিৰ বিধায়ক ছিৰাজুদ্দিন আজমলৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰা উপলক্ষে আন এখন সভা অনুষ্ঠিত হয়৷

উল্লেখ্য যে, আজিৰ প্ৰতিটো কাৰ্যসূচীত বিধায়কৰ লগত সংগ দিয়ে এ আই ইউ ডি এফৰ হোজাই জিলা কমিটিৰ সভাপতি হেলাল উদ্দিন আৰু বিধায়কৰ ৰাজনৈতিক সচিব আকবৰ আলীয়ে ৷ লগতে দলৰ বিন্নাকান্দি সমষ্টি কমিটিৰ সভাপতিকে ধৰি অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ৷

Also Read: শিৱসাগৰ যুৱদলত দেৱব্ৰত বৰঠাকুৰৰ "আৰক্ষী চকী" মঞ্চস্থঃ মন্ত্ৰমুগ্ধ দৰ্শক...

মোৰাঝাৰ ছিৰাজুদ্দিন আজমল নীলবাগান