ডিজিটেল সংবাদ, মোৰাঝাৰ: যোৱা নিশা হোজাই আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা আৰক্ষীৰ দলে মোৰাঝাৰ আৰু ডবকাৰ বিভিন্ন প্ৰান্তৰ পৰা ১৫ গৰাকী কুখ্যাত জুৱাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। মোৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত চৌধুৰী বজাৰত অভিযান চলাই ৯ জনকৈ জুৱাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷
আৰক্ষীয়ে আটক কৰা জুৱাৰী কেইটা হৈছে বাহাৰ উদ্দিন, বুৰহান উদ্দিন, তাজুল ইছলাম, ফাৰুক ইছলাম চৌধুৰী, ইমৰান হুছেইন, চাহাব উদ্দিন, চাহিদ উদ্দিন, মুজিবুৰ ৰহমান আৰু চিৰাজ উদ্দিন ৷ আৰক্ষীয়ে আটক কৰা জুৱাৰী কেইটাৰ জিম্মাৰ পৰা ৯ টা মোবাইল ফোন, নগদ পাঁচ হাজাৰ পাচশ টকা আৰু দুই বান্ডিল জুৱা খেলৰ সামগ্ৰী জব্দ কৰে ৷ মোৰাঝাৰ আৰক্ষীয়ে শংকৰদেৱ নগৰ ন্যায়িক দণ্ডাধীশৰ ওচৰত হাজিৰ কৰাত আদালতে জেল হাজোতলৈ প্ৰেৰণ কৰা বুলি জনা গৈছে ৷
আনহাতে ডবকাৰ কাঞ্চি বজাৰৰ পৰা নিশা ডবকা আৰক্ষী অভিযান চলাই ছগাৰাকী আই পি এল জুৱাৰীক গ্ৰেপ্তাৰ কৰে। নিশা আইপিএল চাই জুৱা খেলি থকাৰ পৰা আটক কৰা হয় জুৱাৰী কেইজনক। জুৱাৰী কেইজনৰ পৰা আৰক্ষীয়ে নগদ ৩১ হাজাৰ ৪০০ টকা, আৰু ৬টা মোবাইল ফোন জব্দ কৰে। আৰক্ষীয়ে আটক কৰা ডবকাৰ জুৱাৰী কেইজন ক্ৰমে, জুবেৰ হুছেইন,আজাৰ উদ্দিন,জেহিৰুল ইছলাম,আৰ্শ্বাদ আলী, আৰু আব্দুল আজিজ।
দুয়োখন থানা এলেকাৰ পৰা মুঠ ১৫ গৰাকী কুখ্যাত জুৱাৰীক শংকৰদেৱ নগৰ ন্যায়িক দণ্ডাধীশৰ ওচৰত হাজিৰ কৰাত আদালতে জেল হাজোতলৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে, হোজাইত আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাই যোগদান কৰাৰ পিছৰে পৰাই জুৱা,মদ আৰু ড্ৰাগছৰ বিৰুদ্ধে কেবাটাও সফল অভিযান চলাই এনে কাৰ্যৰ লগত জড়িত বহু লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷
Also Read: অসম নাট্য সন্মিলনৰ বিশেষ আহ্বান...