ডিজিটেল সংবাদ, লামডিংঃ ৰাজ্যত চলি থকা লোডশ্বেডিং আৰু বিদ্যুৎৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিৰোধী দল ৷ মঙলবাৰে লামডিং পৌৰ ব্লক কংগ্ৰেছ কমিটিৰ সকলো সদস্যই লামডিং বিদ্যুত বিভাগৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰি কঁপালে লামডিঙৰ ৰাজপথ।
বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি বিদ্যুৎ বিভাগৰ নতুন চাৰ্কুলাৰ দাহ কৰিলে লামডিং পৌৰ ব্লক কংগ্ৰেছে। লামডিংৰ প্ৰাক্তন বিধায়ক স্বপন কৰে কয় যে, অত্যাধিক হাৰত বিদ্যুৎ মাচুল বৃদ্ধিয়ে সৰ্বসাধাৰণ গ্ৰাহকক জুৰুলা কৰি তুলিছে। বিদ্যুতৰ বিল বৃদ্ধিৰ লগতে অনিয়মীয়া বিদ্যুৎ যোগানে সৰ্বসাধাৰণ লোকসকলক অতিষ্ঠ কৰি তুলিছে৷
লামডিঙৰ বিদ্যুৎ বিভাগৰ কাৰ্য্যলয়ৰ সন্মুখত বিদ্যুতৰ মাছুল বৃদ্ধিত তীব্ৰ অসন্তষ্টি প্ৰকাশ কৰি শক্তিমন্ত্ৰীৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ সাৱস্ত্য কৰিলে লামডিং পৌৰ ব্লক কংগ্ৰেছ কমিটিৰ সকলো সদস্যই । ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰাৰ প্ৰতিশ্ৰুতিত ৰাজ্য চৰকাৰৰ চৰম ব্যৰ্থতা প্ৰকাশ পোৱাত বিৰোধী দলে 'মুৰ্দাবাদ' ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
Also Read: 'অসমীয়া প্ৰতিদিন'ৰ বাতৰিৰ প্ৰভাৱ: দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়াক ৰিৰ্জাভ ক্ল'জ