লামডিঙত বাগৰিল এল পি জি পৰিবাহী টেংকাৰ...

সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি চালকক
লামডিঙত বাগৰিল এল পি জি পৰিবাহী টেংকাৰ...
লামডিঙত বাগৰিল এল পি জি পৰিবাহী টেংকাৰ...
Published on
Updated on

ডিজিটেল ডেস্ক লামডিংঃ পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'ল লামডিঙত। লামডিং-লংকা সংযোগী ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল এখন এল পি জি কঢ়িওৱা বাহন।

হাফলং অভিমুখী এই এল পি জি পৰিবাহী টেংকাৰখনৰ নম্বৰ WB51C1383। জানিব পৰা মতে বাহনখনৰ চালকজনৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ বাবেই টেংকাৰখন এইদৰে বাগৰি পৰে।

দুৰ্ঘটনাত চালকজন গুৰুতৰভাৱে আহত হৈছে। আহতন চালকজনক সংকটজনক অৱস্থাত লামডিং চিভিল হাস্পতালত ভৰ্তি কৰোৱা হৈছে। পশ্চিমবংগত পঞ্জীয়নভুক্ত এই টেংকাৰখনৰগৰাকীৰ নাম ৰঞ্জিত কুমাৰ বুলি জানিব পৰা গৈছ।

উল্লেখ্য দুদিন পূৰ্বেও লামডিঙত অনুৰূপ ধৰণে এখন এল পি জি পৰিবাহী টেংকাৰ পথ দুৰ্ঘটনাত পতিত হৈছিল।

লামডিঙত বাগৰিল এল পি জি পৰিবাহী টেংকাৰ...
দীপাংকৰ, বিশালৰ পিছত স্বপ্ননীলঃ আৰু বা কিমানে মেলিছে ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰ জাল !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in