কাকীত অসম সাহিত্য সভাৰ পঞ্চম পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাৰ সফল সামৰণি...

কাকীত অসম সাহিত্য সভাৰ পঞ্চম পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাৰ সফল সামৰণি...
Published on
Updated on

ডিজিটেল সংবাদ,হোজাইঃ হোজাই জিলা সাহিত্য সভাৰ উদ্যোগত আৰু কাকী শাখা সাহিত্য সভাৰ আতিথ্যত ১ নং কাকী চাৰিআলিত দুদিনীয়াকৈ আয়োজন কৰা অসম সাহিত্য সভাৰ পঞ্চম পূৰ্ণাংগ সভাখনৰ সফল সামৰণি পৰে।

কাৰ্যসূচী অনুসৰি ২৬ মে'ত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে অনুষ্ঠানৰ উপ সভাপতি ডা. গিৰিশ সন্দিকৈয়ে। ইয়াৰ পাছতে স্মৃতি তৰ্পণ কাৰ্যসূচী শুভাৰম্ভ কৰে অসম সাহিত্য সভাৰ ধন ভড়ালী,মিহিৰ বৰুৱা আৰু হোজাই জিলা সাহিত্য সভাৰ সভাপতি ইন্দ্ৰজিৎ বেজবৰুৱাই।

১০ বজাৰ পৰা শংকৰদেৱ চিত্ৰকলা সাংস্কৃতিক গোষ্ঠী, আকাশ আৰু ৰামধেনুৰ ব্যৱস্থাপনাত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰা হয়। বিয়লি ৩ বজাত অসম সাহিত্য সভাৰ সভাপতি সূৰ্য্য কান্ত হাজৰিকাৰ সভাপতিত্বত গ্ৰন্থ উন্মোচনী সভাখনি অনুষ্ঠিত হয়।

উন্মোচনী সভাত অসম সাহিত্য সভাৰ পঞ্চম পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাৰ অভ্যৰ্থনা সমিতিয়ে প্ৰস্তুত কৰি তোলা কাকেই নামৰ স্মৃতি গ্ৰন্থখনিৰ লগতে অসমৰ ৯গৰাকী লেখকৰ ৯ খন কৈ গ্ৰন্থ উন্মোচন কৰা হয়।

দ্বিতীয় দিনাক কাৰ্যসূচী অনুসৰি পুৱা অসম সাহিত্য সভাৰ বিভিন্ন জিলাৰ পৰা অহা বিষয়ববীয়া আৰু কাৰ্যনিৰ্বাহক সদস্য সকলক আদৰণি জনায়। পুৱা ‌১০ বজাৰ পৰা অসম সাহিত্য সভাৰ পঞ্চম পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাখনি আৰম্ভ কৰা হয়। প্ৰায় দুই শতাধিক কাৰ্যনিৰ্বাহ সদস্য উপস্থিত থকা কাৰ্যনিৰ্বাহক সভাখনিত আগন্তুক সময়ৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

কাকীত অসম সাহিত্য সভাৰ পঞ্চম পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাৰ সফল সামৰণি...
অভিনেতা-সাহিত্যিক মহৎ চন্দ্ৰ বৰাৰ মৃত্যু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in