ডিজিটেল সংবাদ, লংকা : হোজাই জিলাৰ অন্তৰ্গত লংকাত পুনৰ সংঘটিত হৈছে চুৰিকাণ্ড। বৃহত্তৰ অঞ্চলটোত বিগত কিছুদিন ধৰি সঘনাই চোৰৰ অতপালিয়ে অতিষ্ঠ কৰিছে স্থানীয় ৰাইজক।
দুৰ্গা পূজাৰ আনন্দৰ মাজতে শনিবাৰে নিশা গৃহস্থ নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে পুনৰ চলালে চাফাই অভিযান। লংকাৰ ১ নং ৱাৰ্ডৰ কালি মন্দিৰ পথত উক্ত নিশা সংঘটিত হয় এই চুৰিকাণ্ড। শিক্ষক সাধন পাল তথা তেঁওৰ পৰিয়ালে নিশা পূজা চাব যাওতেই চোৰে এই কাণ্ড সংঘটিত কৰে।
গৃহস্থ ঘৰত নথকাৰ সুযোগ লৈ চোৰে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি আলমিৰাৰ লকাৰ ভাঙি ৫ ভৰি সোণৰ অলংকাৰ লুটি নিয়ে। ইয়াৰ উপৰি নগদ ৩২ হাজাৰ টকা আৰু কেতবোৰ নথি পত্ৰ চোৰে লুটি লৈ যায়। জানিব পৰা মতে ঘৰৰ পিছফালৰ গ্ৰীলৰ তলা ভাঙি চোৰৰ দলটোৱে ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল।
উল্লেখ্য যে নিশা পূজা চাই পৰিয়ালটো উভতি অহাৰ পিছতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে। ইতিমধ্যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত গৃহস্থই স্থানীয় আৰক্ষীক খবৰ দিছে। ইয়াৰ পাছতে আৰক্ষীৰ লোক উপস্থিত হৈ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে।
Also Read: বুকু ভেদি সোমাল গুলী : এন চি পিৰ নেতা বাবা ছিদ্দিকক হত্যা, দুই অভিযুক্তক আটক